সমাপ্ত হ'ল ভোটদান প্ৰক্ৰিয়া।
সমাপ্ত হ'ল ভোটদান প্ৰক্ৰিয়া।
Assam Bye Election: অন্ত পৰিল ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। শেহতীয়া খবৰ অনুসৰি, ৫টা সমষ্টিত ৬৯.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। পুৱাৰ পৰা প্ৰতিটো সমষ্টিতে দেখা গ'ল ভোটাৰৰ মিশ্ৰিত সঁহাৰি।
শেহতীয়া তথ্য মতে, গোঁসাইগাঁৱ সমষ্টিত সৰ্বাধিক ৭৬.৭১ শতাংশ ভোটদান সম্পন্ন হৈছে। সেইদৰে ভৱানীপুৰ সমষ্টিত ৭৪ শতাংশ ভোটদান হৈছে। আনহাতে তামুলপুৰ, মৰিয়নী আৰু থাওৰা বিধানসভা সমষ্টিত ক্ৰমে ৬২ শতাংশ, ৬১.৬২ শতাংশ আৰু ৭৫.০৭ শতাংশ ভোটদান হৈছে।
উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিত ৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।থাওৰাত আশাবাদী বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই। জয়ী হ'ব বুলি বিশ্বাস ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ। সেইদৰে মৰিয়নী সমষ্টিত ৫০ৰ পৰা ৫৫ হাজাৰ ভোট পাব বুলি আশাবাদী ৰূপজ্যোতি কুৰ্মী। আনহাতে ভৱানীপুৰতো বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ জয়ী হ'ব বুলি আশাবাদী। তালুকদাৰৰ মতে তেওঁৰ নাই কোনো প্ৰতিদ্বন্দী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|