উপ নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ অহাৰ পিছত বৃহস্পতিবাৰে বিধানসভালৈ সমৰ্থক-সৰ্তীথৰ সৈতে আহিল মৰিয়নিৰ ন-বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ সদলবলে আহিল গোসাঁইগাঁৱৰ UPPLৰ বিধায়ক জীৰণ বসুমতাৰী আৰু তামোলপুৰৰ UPPLৰ বিধায়ক জলেন দৈমাৰী ৷ বিজেপিৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু শেষত থাওৰাৰ বিজেপিৰ বিধায়ক হিচাপে জয়ী হৈ অহা সুশান্ত বৰগোহাঁইয়ে প্ৰৱেশ কৰে বিধানসভাত ৷
বিধানসভাৰ মজিয়াত পুৱা এঘাৰ বজাত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত প্ৰথমে ৰূপজ্যোতি কুৰ্মীয়ে শপত বাক্য পাঠ কৰে ৷ ইয়াৰ পিছত শপতবাক্য পাঠ কৰে ফণীধৰ তালুকদাৰ আৰু সুশান্ত বৰগোহাঁয়ে ৷ UPPLৰ বিধায়ক জীৰণ বসুমতাৰী আৰু জলেন দৈমাৰীয়ে বড়ো ভাষাত শপত বাক্য পাঠ কৰে ৷
শপতগ্ৰহণ কৰিবলৈ আহি বৃহস্পতিবাৰে ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অদৃশ্যজনৰ পৰা লোভ-মোহৰ পৰা আঁতৰত থাকিবলৈ আৰ্শীবাদ বিচাৰি সাংবাদিকক এনেদৰে ক'লে- “অদৃশ্যজনৰ ওচৰত সদায় মই প্ৰাৰ্থনা কৰো যাতে মই লোভ-মোহৰ পৰা আঁতৰি থাকিব পাৰো ৷ আজি মা-দেউতালৈ মনত পৰিছে ৷ তেওঁলোকৰ পৰাও আশীৰ্বাদ বিচাৰিছো ৷ সমষ্টিৰ উন্নয়নেই মোৰ মূল লক্ষ্য ৷”
AIUDF এৰি BJPত যোগদান কৰি নতুনকৈ বিধায়ক হৈ অহা ফণীধৰ তালুকদাৰে ক'লে- “সমষ্টি উন্নয়নৰ বাবে ডাঙৰ ৰিক্স ল'লো আৰু জিকিও আহিলো ৷ বহু কাম কৰিবলৈ আছে ৷ মুখ্যমন্ত্ৰীক দিয়া লিষ্ট মতে কামবোৰ কৰিম ৷”
UPPLৰ গোসাঁইগাঁৱৰ বিধায়ক হিচাপে জয়ী হৈ অহা জীৰণ বসুমতাৰীয়ে ৰাজ্যৰ আটাইতকৈ পিছপৰা সমষ্টি গোঁসাইগাঁৱক উন্নত কৰাৰ কথাৰ মন বুলি সাংবাদিকক জনালে- “১২৬টা সমষ্টিৰ ভিতৰত মোৰ সমষ্টি গোসাঁইগাঁও আটাইতকৈ পিছ পৰা ৷ বহু সমস্যা আছে ৷ সমষ্টিৰ উন্নয়নেই মোৰ প্ৰধান লক্ষ্য ৷”
তামোলপুৰৰ UPPLৰ বিধায়ক জলেন দৈমাৰীয়ে ক'লে- প্ৰথমে মোৰ লক্ষ্য হ'ব শিক্ষা ব্যৱস্থাক উন্নত কৰা ৷ দ্বিতীয়তে মোৰ লক্ষ্য হ'ব নিবনুৱা সমস্যাক সমাধান কৰা ৷”
কংগ্ৰেছ এৰি বিজেপিত যোগ দি পুনৰ দিছপুৰলৈ অহা সুশান্ত বৰগোহাঁয়ে ক'লে- “কংগ্ৰেছ আৰু BJPৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহাৰ অনুভৱৰ মাজত পাৰ্থক্য আছে ৷ কংগ্ৰেছৰ পৰা আহোতে জয়ী হোৱাৰ মন এটা আছিল ৷ বিজেপিৰ পৰা অহাৰ সময়ত সমষ্টিৰ উন্নয়নৰ কথা আছে ৷”
বৃহস্পতিবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত দিল্লী ভ্ৰমণত থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত নাথাকিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ মন্ত্ৰীসভাৰ সদস্য হিচাপে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, অশোক সিংহল আৰু যোগেন মহন উপস্থিত থাকে ৷ কিন্তু লক্ষণীয়ভাৱে নৱ নিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ এজনো বিধায়ক ৷ বিৰোধী CPI-Mৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰহে উপস্থিত থাকে ৷
শপতগ্ৰহণ অনুষ্ঠানত বিৰোধী কংগ্ৰেছ-AIUDF উপস্থিত নথকা সন্দৰ্ভত মনোৰঞ্জন তালুকদাৰে ক'লে- “কংগ্ৰেছ আৰু AIUDFৰ বিধায়ক সকল আজি কিয় উপস্থিত নাথাকিল মই নাজানো ৷ কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত মোৰ গভীৰ আস্থা আছে আৰু বিধানসভাৰ পৰা নিমন্ত্ৰণ পোৱাৰ লগে লগে মই আজিৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আহিলো ৷”
ইপিনে শপতগ্ৰহণ কৰি উঠি ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী অখিল গগৈ আৰু আমিনুল ইছলামক আক্ৰমণ কৰিবলৈ গৈ জে'ললৈ যোৱা মানুহবোৰ মানসিকভাৱে ভাঙি পৰে বুলি এনেদৰে কয়- “মই জেলত যোৱা বহু মানুহ দেখিছো আৰু লগো পাইছো ৷ জে'লত যোৱা সকল মানসিকভাৱে ভাঙি পৰে আধা পাগল হয় ৷ জে'লত ভালকৈ খাব নাপায়৷ টিভি চাব নাপাই মানুহ আধা পাগল হয় ৷ অখিল গগৈ আৰু আমিনুল ইছলামো জে'লত গৈছিলতো ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|