আজি বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) বিধানসভাত দাখিল কৰিব বাজেট (Assam Budget 2023-24)। দিনৰ ১১ বজাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব অজন্তা নেওগে। ইতিমধ্যে বাজেট লৈ বিধানসভাত উপস্থিত হৈছে বিত্তমন্ত্ৰীগৰাকী।
অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব? কি বিষয়ে গুৰুত্ব লাভ কৰিব আজিৰ বাজেটত? দৰিদ্ৰ–মধ্যবিত্তক লৈ কি থাকিব বাজেটত? তাৰ এক চমু আভাস দিলে বিত্তমন্ত্ৰীগৰাকীয়ে।
বিধানসভাত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত অজন্তা নেওগে কয়, ‘‘এইবাৰৰ বাজেট তিনিটা মূল বিন্দুৰ ওপৰত প্ৰতিষ্ঠিত। সেইকেইটা হ’ল স্বনিয়োজন, দৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষা। মহিলাৰ ক্ষেত্ৰতো প্ৰাধান্য থাকিব বাজেটত। নিয়োগ সৃষ্টি আমাৰ চৰকাৰৰ মূল লক্ষ্য। শিক্ষাত আমোল পৰিৱৰ্তনৰ সূচনা দেখিব বাজেটত। দৰিদ্ৰতা নিমূলৰ প্ৰতিফলন ঘটিব এই বাজেটত।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2023, 09:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।