মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Budget: ৰাজ্যৰ ৫৭ লাখ মহিলাই পাব চৰকাৰী ধন, 'হিতাধিকাৰী বাজেট' আখ্যা বিৰোধীৰ

Assam Budget: ৰাজ্যৰ ৫৭ লাখ মহিলাই পাব চৰকাৰী ধন, 'হিতাধিকাৰী বাজেট' আখ্যা বিৰোধীৰ

ভৱেশ কলিতাই কয় যে, "এই বাজেট জনকল্যাণমুখী ৷ বাজেটৰ কথাবোৰ মানুহে জনা দৰকাৰ..."

ভৱেশ কলিতাই কয় যে, "এই বাজেট জনকল্যাণমুখী ৷ বাজেটৰ কথাবোৰ মানুহে জনা দৰকাৰ..."

বাজেটৰ আন বিন্দু সমূহ স্পৰ্শৰে অসম বিজেপি এতিয়াৰে পৰা এসপ্তাহ ধৰি ব্যস্ত থাকিব বাজেটক লৈ দিচপুৰৰ পৰা তৃণমূল পৰ্যায়লৈ ৷ বিজেপিয়ে হাতত লৈছে 'বাজেট সপ্তাহ' ৷

  • Share this:
বিত্ত মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে সদনত দাখিল কৰিলে বাজেট ৷ এই বাজেট বিজেপিৰ বাবে হৈ পৰিছে এতিয়া বিশেষ ৷ লক্ষ্য ২০২৪ৰ নিৰ্বাচন ৷ হিতাধিকাৰীৰ হাতত ধৰিয়েই বিজেপিৰ নিৰ্বাচন জয়ৰ ব্লুপ্ৰিণ্ট ৷ ৫৭ লাখ মহিলা হিতাধিকাৰী সৃষ্টি হোৱা এই বাজেটক বিৰোধীয়ে আখ্যা দিছে 'হিতাধিকাৰী বাজেট' ৷

বাজেটত এইবাৰ সামৰি লোৱা হৈছে ২৭লাখ অৰুণোদয় হিতাধিকাৰীৰ লগত আত্মসহায়ক গোটৰ ৩০লাখ অতিৰিক্ত মহিলাক ৷ অৰ্থাৎ ৫৭লাখ মহিলাই পাব চৰকাৰী ধন ৷ য'ত অৰুণোদয়ৰ মহিলা সকলে ১২৫০টকা পোৱাৰ বিপৰীতে একো একোটা দহজনীয়া মহিলাৰ গোটে পাব ১০হাজাৰকৈ টকা ৷ বাজেটৰ আন বিন্দু সমূহ স্পৰ্শৰে অসম বিজেপি এতিয়াৰে পৰা এসপ্তাহ ধৰি ব্যস্ত থাকিব বাজেটক লৈ দিচপুৰৰ পৰা তৃণমূল পৰ্যায়লৈ ৷ বিজেপিয়ে হাতত লৈছে 'বাজেট সপ্তাহ' ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে এই বাজেট ঐতিহাসিক আৰু সৰ্বব্যাপী, সৰ্বস্পৰ্শী ৷ হিতাধিকাৰীৰ হাতত ধৰি নিৰ্বাচন জয়ৰ ব্লুপ্ৰিণ্ট সাজু বিজেপিৰ ৷ সৰু সৰু কথাবোৰকে প্ৰতিগৰাকী ব্যক্তিৰ কাষলৈ লৈ যাৱ বিজেপিয়ে ৷ বিজেপিয়ে জানে কল পকিবনে নপকে! সেয়ে ভৱেশ কলিতাই ক'লে সহায় কৰিলে সহায়ৰ প্ৰতিদানো পোৱা যায় ৷

ভৱেশ কলিতাই কয় যে, "এই বাজেট জনকল্যাণমুখী ৷ বাজেটৰ কথাবোৰ মানুহে জনা দৰকাৰ ৷ আমি এসপ্তাহ ধৰি বুথ পৰ্যায়লৈকে বাজেটৰ ইতিবাচক কথাবোৰ লৈ যাম ৷ এয়া নিৰ্বাচনৰ কথা নহয়, কিন্তু এই কামে আমাক সহায় কৰিবও পাৰে ৷"

ইফালে বিজেপিয়ে ৬ এপ্ৰিলত পালন কৰিব ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বিজেপিয়ে ৬ এপ্ৰিলত ঘৰে ঘৰে উৰুৱাব দলীয় পতাকা ৷ দলীয় পতাকা উৰুৱাৰ লগতে দলটোৰ জন্মলগ্নৰে পৰা থকা নেতা সকলৰ ত্যাগৰ ইতিহাসো সকলোৰে মাজলৈ লৈ যাব ৰাজ্যিক নেতৃত্বই ৷

শেহতীয়া বাতৰি