মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Budget : ঘৰ বনোৱাৰ কথা ভাবিছে নেকি? বাজেটত আপোনাৰ বাবে আছে ভাল খবৰ!

Assam Budget : ঘৰ বনোৱাৰ কথা ভাবিছে নেকি? বাজেটত আপোনাৰ বাবে আছে ভাল খবৰ!

ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত ৩০,৭৮৮ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ উদ্দেশ্যে আমি ১১৫৯.৬৫ কোটি টকাৰে ৩৪টা নতুন পৃষ্ঠতল ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে।

ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত ৩০,৭৮৮ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ উদ্দেশ্যে আমি ১১৫৯.৬৫ কোটি টকাৰে ৩৪টা নতুন পৃষ্ঠতল ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে।

ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত ৩০,৭৮৮ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ উদ্দেশ্যে আমি ১১৫৯.৬৫ কোটি টকাৰে ৩৪টা নতুন পৃষ্ঠতল ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে।

  • Share this:
‘আপোন ঘৰ’ আঁচনিৰ বাজেটত ১০৮ কোটি টকা ধাৰ্য কৰা হৈছে। ‘আপোন বাহন’ আঁচনিৰ যোগেদি মটৰ গাড়ী ঋণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে ২ শতাংশ ঋণ ৰেহাই পাব। মহিলা আৰু দিব্যাংগৰ বাবে এয়া ৩ শতাংশলৈ বৃদ্ধি কৰা হ’ব। এই আঁচনিৰ বাবে ১২ কোটি টকা প্ৰস্তাৱ কৰা হয়। বাজেট ভাষণত এই কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

সকলোৰে কাৰণে ব্যয়সাধ্য আৰু সুলভ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্যৰ চিকিৎসালয়সমূহলৈ ১০০০ খন নতুন এম্বুলেঞ্চ যোগান ধৰাৰ ঘোষণা বাজেটত। ডিফু, যোৰহাট, তেজপুৰ, লখিমপুৰ, নগাঁও, নলবাৰী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত থকা চিকিৎসা মহাবিদ্যালয়ত ৯খন নতুন বিএছচি নাৰ্ছিং কলেজ স্থাপন কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ জৰিয়তে চহৰ অঞ্চলৰ নাগৰিকসকলক সেৱা প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বাজেটত। ৬৭০ বৰ্গমিটাৰতকৈ কম আকাৰৰ ভূমি মহলা+দুই মহলা (G+2) পৰ্যন্ত ঘৰৰ বাবে অনলাইনযোগে তাৎক্ষণিকভাৱে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। অনলাইন গৃহ নিৰ্মাণৰ অনুমতিৰ ব্যৱস্থা তথা অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা এই বছৰতে অধিসূচিত কৰা হ’ব।

বাজেটত ৰাজহুৱা আৰু আন স্পৰ্শকাতৰ স্থানত চিচিটিভি স্থাপন কৰাৰো পদক্ষেপ লোৱা হৈছে। ২০০ কোটি টকা ব্যয়েৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰা হ’ব।

আনহাতে, অসমক গাখীৰ, মাংস আৰু কণী উৎপাদনত স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৬২১.২৫ কোটি টকা বাজেটত ধাৰ্য কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।

ইফালে, ৩০ শতাংশ ৰাজসাহায্যযুক্ত হাৰত সূতা প্ৰদানৰ দ্বাৰা শুৱালকুছিৰ ৪,২৯৯ গৰাকী শিপিনীক সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। ৫খন জিলা বা মহকুমাত ৰেচন আদৰ্শ গাঁও স্থাপন কৰা হ’ব। ৰেচম আদৰ্শ গাঁও স্থাপনৰ বাবে ৭৩৩ লাখ টকাৰ প্ৰস্তাৱ কৰা হৈছে আৰু ই ১২৫০ গৰাকী হিতাধিকাৰীক সামৰি ল’ব।

গুৱাহাটীত বানৰ সমস্যা লাঘৱ কৰিবলৈ চৰকাৰে Sponge City Concept ব্যৱহাৰ কৰি এক বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৩–২৪ বিত্তীয় বৰ্ষত ৫৪খন নতুন নগৰৰ বাবে মাষ্টাৰ প্লেনৰ জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত।

আনহাতে, ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত ৩০,৭৮৮ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ উদ্দেশ্যে আমি ১১৫৯.৬৫ কোটি টকাৰে ৩৪টা নতুন পৃষ্ঠতল ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। এই বিভাগলৈ ১০৩২.৮৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে।

তদুপৰি স্বাস্থ্যক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৰখা হৈছে বাজেটত। সেইসমূহ হ’ল – মৰিগাঁও আৰু লখিমপুৰত দুখন নতুন দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন আঞ্চলিক চকুৰোগ চিকিৎসা প্ৰতিষ্ঠানক উৎকৰ্ষ কেন্দ্ৰ হিচাপে উন্নীতকৰণ, সকলো চিকিৎসা মহাবিদ্যালয়ত দক্ষ আৰু কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰা পৰীক্ষাগাৰযুক্ত স্মাৰ্ট শ্ৰেণীকোঠা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসালয় প্ৰশাসন বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰম, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত পেৰামেডিকেল বিজ্ঞানৰ স্নাতক মহাবিদ্যালয়, শ্বহীদ যাদৱ নাথ হোমিঅ’ চিকিৎসা মহাবিদ্যালয়ক উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীতকৰণ।

শেহতীয়া বাতৰি