অসমৰ ৰাজপথৰ চিনাকি বাছখনক আপুনি হয়তো আৰু নেদেখিব ৷ অসমবাসীৰ আৱেগ জড়িত ৰঙা বাছবোৰ আৰু হয়তো নচলিব ৷ বাছবোৰৰ পৰা হয়তো নোহোৱা হৈ যাব সকলো পুৰণি ৰং, চৌকত আলীয়ে সৌ তাহানি অঁকা গঁড়টোও হয়তো ইতিহাস হৈ বুকুতে থাকি যাব বহুতৰে ৷ কিয়নো, চৰকাৰে এতিয়া হাত দাঙি দিছে ৷ নচলাই আৰু ৷
যিখন বাজেটক অসমৰ পুনৰ উজ্জীৱিত বাজেট বুলি আখ্যা দিয়া হৈছে সেইখন বাজেটতে একপ্ৰকাৰ মৃত্যু ঘোষণা কৰা হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছবোৰৰ ৷ এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগম বাছ চলাচলেৰে আৰু জড়িত নাথাকে ৷ স্বাভাৱিকতেই এয়া উদ্বেগজনক খবৰ ৷ ১৯৯৬চনৰ পৰা ২০০১চনলৈ অসমত অগপ চৰকাৰৰ দিনত পৰিবহণ নিগমত সম্পূৰ্ণৰূপে মৃত্যুঘন্টা বাজিছিল ৷ ৰঙা ৰঙৰ বাছেৰে ভৰপূৰ পৰিবহণ আস্থান সমূহ মৰিশালিলৈ ৰূপান্তৰ হৈছিল, বহু কৰ্মচাৰীয়ে দৰমহাৰ অভাৱত আত্মহত্যাও কৰিছিল, মুঠতে পৰিবহণত এক মহা-অৰাজক অৱস্থাৰ সৃষ্টি হৈছিল । ২০০১ত AGP চৰকাৰৰ পতন হ'ল আৰু প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ পৰিবহণ মন্ত্ৰীৰ দায়িত্বত থকা প্ৰয়াত অঞ্জন দত্তই মৰাশ এটাক জীৱন দিয়াৰ নিচিনাকৈ আচৰিত ধৰণে অসম ৰাজ্যিক পৰিবহণ নিগমটো জীয়াই তুলিছিল । অঞ্জন দত্তৰ পাছতো চন্দন ব্ৰহ্মৰ দিনলৈকে অৰ্থাৎ ২০১৬লৈকে ASTCত নতুন নতুন অত্যাধুনিক ছুপাৰ বাছ আনি চলাই আছিল ৷ কিন্তু ২০১৬ত বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা আধুনিকীকৰণৰ নামত ASTCত আকৌ ধ্বংস যজ্ঞ আৰম্ভ হৈ গ'ল চন্দ্ৰমোহন পাটোৱাৰীৰ দিনত ৷ নতুন বাছ অনা দূৰৈৰ কথা, সেই ৰঙা বাছ সমূহো মেৰামতিৰ অভাৱত কেলেপ কেলেপকৈ চলিবলৈ আৰম্ভ কৰিলে। পৰৱৰ্তী সময়ত পিংক বাছ, চি এন জি কিবা কিবি আহি থাকিল ৷ ২০২২-২৩বৰ্ষৰ বাজেটতকৈ এই বাজেটত পৰিবহণত ৩০০কোটিতকৈ অধিক ধন ধাৰ্য কৰিছে যদিও, বাজেটত এনেকৈ উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে—
"অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পদৰাজী যেনে- ভূমি আদিক উন্নীত কৰি থকা হৈছে আৰু এই সম্পদসমূহক এক স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেৰে 'মনিটাইজড্' কৰা হ'ব।
বিভাগৰ দ্বাৰা উবেৰাইজেশ্চন আঁচনিখন চলাই থকা হ'ব। তদুপৰি, এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অসম ৰাজ্যিক পৰিবহন নিগম বাছ চলাচলৰ ক্ষেত্ৰত ভবিষ্যতে জড়িত নাথাকে কিন্তু এক 'এগ্রেগেট'ৰ হিচাবে কাম কৰিব। অর্থাৎ নিগমে বৈদ্যুতিক বাছৰ বাহিৰে কোনো নতুন বাছ ক্রয় নকৰে।"
Published by: Kokil Sarma
FIRST PUBLISHED : March 17, 2023, 04:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।