বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Assam Budget | বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ, শীঘ্ৰেই আৰু ৪০ হাজাৰ পদত নিযুক্তি, শিক্ষা–স্বাস্থ্য খণ্ডৰ বাবে কি আছে বাজেটত?

Assam Budget | বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ, শীঘ্ৰেই আৰু ৪০ হাজাৰ পদত নিযুক্তি, শিক্ষা–স্বাস্থ্য খণ্ডৰ বাবে কি আছে বাজেটত?

Assam Budget | বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ, শীঘ্ৰেই আৰু ৪০ হাজাৰ পদত নিযুক্তি, শিক্ষা–স্বাস্থ্য খণ্ডৰ বাবে কি আছে বাজেটত?

চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ।

  • News18 Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ। মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

বিজ্ঞাপন

ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি এই বৰ্ষত অৰ্থাৎ ২০২২–২৩ বৰ্ষত অধিক ব্যয় কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বাজেট ভাষণত।

চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি

বিত্তমন্ত্ৰীয়ে কয়, ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পৰ্যায়ো সমাপ্ত হ’ব।

স্বাস্থ্য খণ্ড

ৰাজ্য চৰকাৰে ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ–পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হৈছে। তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

বিজ্ঞাপন

শিক্ষা খণ্ড

বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন চৰকাৰৰ। ১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা হাতত লৈছে চৰকাৰে। ইফালে, মঙলদৈত ১০১৬ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে দক্ষতা বিশ্ববিদ্যালয়ৰ কাম চলি আছে বুলিও উল্লেখ কৰে অজন্তা নেওগে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন