বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। বাজেটত ৫০০খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ১ কোটি টকাকৈ যোগান ধৰাৰ প্ৰস্তাৱ। ১০০খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে ২৫০০ কোটি টকা ধাৰ্য বাজেটত। চলিত বছৰত আন ১০০খন নতুন চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম হাতত লোৱা হ’ব।
আনহাতে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যাল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যালয়লৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে বাজেটত। ইফালে, গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰা হয় বাজেটত। ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা উপগ্ৰহীয় চৌহদ স্থাপনৰ লক্ষ্য লোৱা হৈছে।
ইয়াৰ উপৰি চাহ বাগিচাৰ লেবাৰ লাইনত বসবাস কৰা চাহ শ্ৰমিকৰ পৰিয়ালক বকেয়া বিদ্যুতৰ বিলৰ ধনৰাশি এককালীন সাহায্য হিচাপে ৰেহাই দিয়াৰ কথাও বাজেটত ঘোষণা কৰে অজন্তা নেওগে। ইয়াৰ বাবে ১৫০ কোটি টকা ধাৰ্য। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণৰ পৰিমাণ ১২ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগিচাৰ লেবাৰ লাইনত ১০ হাজাৰ গৃহ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপ–শ্ৰেণী হিচাপে স্বীকৃতি দিয়া হ’ব। চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অ’বিচি কোটাৰ ভিতৰত তেওঁলোকৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা বিবেচনা কৰা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2023, 18:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।