আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিভিন্ন ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণাৰে প্ৰস্তুত কৰা হৈছে এই বাজেট।
বাজেটত অসম দৰ্শন আঁচনিৰ অধীনত ৮ হাজাৰটা নতুন নামঘৰ সামৰি লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানলৈ প্ৰদান কৰা হ’ব ২.৫ লাখ টকাকৈ। ১০০ বছৰতকৈ অধিক পুৰণি নামঘৰ, মন্দিৰ, মছজিদ, গিৰ্জা, গুৰুদ্বাৰলৈ ১৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে ১৮০ কোটি টকা আবণ্টন বাজেটত।
প্ৰতিখন গাঁৱলৈ ‘গাঁও প্ৰতিষ্ঠা দিৱস’ পালনৰ বাবে আগবঢ়োৱা হ’ব ৫০০০ টকাকৈ। ‘খেল মহাৰণ’ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিখন ৰাজহ গাঁৱলৈ ১০ হাজাৰ টকাকৈ প্ৰদানৰ ঘোষণা বাজেটত। এই পদক্ষেপৰ বাবে ৬০ কোটি টকা আবণ্টন বাজেটত।
ইয়াৰ উপৰি চলিত বছৰত প্ৰায় ৫ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপন সম্পূৰ্ণ কৰিব চৰকাৰে। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱা বিধৱা মহিলাক ১২৫০ টকাকৈ যোগান ধৰাৰ লগতে ৯৫০ টকাৰ ‘টপ–আপ’ প্ৰদান কৰা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2023, 20:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|