আজি সদনত দাখিল কৰা হ'ল ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট। অসমৰ ৩ কোটি ৩০ লাখ লোকৰ সৰ্বাংগীন উন্নয়নৰ দিশত গুৰুত্ব দি এই বাজেট প্ৰস্তুত কৰা বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণৰ পিছত অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা যোগাত্মক দিশত আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্যৰ GSDP ১৩%লৈ বৃদ্ধি হোৱাৰ কথা প্ৰকাশ কৰে। ৰাজ্যৰ বিকাশৰ বাবে ১৮খন ফ্লেগশ্বীপ প্ৰ'জেক্ট ৰখাৰ কথা প্ৰকাশ কৰি নেওগে বাজেটৰ কথা ৰাইজে ক'ব বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়া দেখা গৈছিল (Assam Budget 2022-23)।
বাজেট সন্দৰ্ভত কাৰ কি মত? জাকিৰ হুছেইন শিকদাৰ- বাজেটত এটা বিত্তীয় বৰ্ষৰ কথা নাই, দীঘলীয়া কথা আছে। এই বাজেট এটা বছৰক ধৰি বনোৱা নাই, দীঘলীয়া বাজেট বনাইছে। বাজেটে সপোন পূৰাব নোৱাৰে, কেৱল সপোন দেখুওৱাৰ বাহিৰে একো নাই। বাজেটৰ বেছি ভাগতে সফল হ'ব নোৱাৰে চৰকাৰ। এইখন বাজেট আশাৰ বাজেট, বাকী একো নাই।
দেৱব্ৰত শইকীয়া- বিধায়কৰ পুঁজি, আনটাইড ফান্ড সম্পৰ্কে প্ৰতিশ্ৰুতি দিয়ো পূৰণ কৰা নাই। ঘাটি বাজেট দিয়াটো ভাল হৈছে। বাজেটত কোনো চমক নাই। গতানুগতিক বাজেট।
বাগান অঞ্চল, গ্ৰামাঞ্চলৰ বাবে বিশেষ একো নাই। পুৰণি কথাকে বাজেটত নতুনকৈ কোৱা হৈছে।
ৰণোজ পেগু- বহু আন্তঃগাঁথনিমূলক ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ বাবে আঁচনি ৰাখিছে, বিত্তমন্ত্ৰী, মুখ্যমন্ত্ৰীক ধন্যবাদ। জনজাতীয় লোকসকলৰ বাবে ভূমি আৱন্টনৰ ব্যৱস্থা কৰিছে, ২৫ বিঘা পৰ্যন্ত মাটিৰ সীমা ধাৰ্য।
অখিল গগৈ- বিজেপি চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট হতাশাজনক। কোনো শ্ৰেণীৰ মানুহৰ প্ৰতি আশাৰ সঞ্চাৰ নকৰে বাজেটে। দুৰ্ভাগ্যজনক আৰু সীমিত বাজেট। পুৰণি আঁচনিকে সলনি কৰি নতুন ৰূপ দিছে। জাতি, মাটি, ভেটি ৰক্ষাৰ কোনো কথা বাজেটত নাই। শিৱসাগৰৰ বাবে তিনিটা বস্তু লাভ কৰিছোঁ এই বাজেটত এখন চিকিৎসা মহাবিদ্যালয়, ৰংঘৰত লাইট শ্ব' আৰু এটা মিউজিয়াম।
ভৱেশ কলিতা- এই বাজেটে অসমৰ সকলো জাতি-জনগোষ্ঠীক সামৰি ল'ব। অসমক আগবঢ়াই যোৱাৰ বাবে বাজেটে ব্যৱস্থা লৈছে। বাজেটৰ প্ৰতিটো দফাকে বিজেপি দলে উষ্ম আদৰণি জনাইছোঁ।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2022, 22:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।