আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট। এইবাৰ বাজেটত চৰকাৰে বহুকেইটা দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ শিক্ষা স্বাস্থ্যখণ্ডক বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।
ইফালে বিত্ত মন্ত্ৰীয়ে শিৱসাগৰত নতুন মেডিকেল কলেজ হব বুলি ঘোষণা কৰাৰ লগে লগে অখিল গগৈৰ মুখত হাঁহি দেখিবলৈ পোৱা গ'ল। মাজতে মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহি মাত লগালে, 'কাম খিনি সুশান্ত বৰগোহাঁয়ে হে কৰিব লাগিব।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 16, 2022, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।