মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Budget 2022-23: ৩১ মাৰ্চৰ ভিতৰত শিক্ষিত নিবনুৱাই পাব ভালখবৰ! কোন বিভাগত কিমান পদ খালী? কিদৰে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া? জনালে বিত্তমন্ত্ৰীয়ে

Assam Budget 2022-23: ৩১ মাৰ্চৰ ভিতৰত শিক্ষিত নিবনুৱাই পাব ভালখবৰ! কোন বিভাগত কিমান পদ খালী? কিদৰে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া? জনালে বিত্তমন্ত্ৰীয়ে

ৰাজ্য চৰকাৰৰ বিভিন্ন অভিযান যেনে, NHM,SSA,ASRLM,JJMটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

ৰাজ্য চৰকাৰৰ বিভিন্ন অভিযান যেনে, NHM,SSA,ASRLM,JJMটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

ৰাজ্য চৰকাৰৰ বিভিন্ন অভিযান যেনে, NHM,SSA,ASRLM,JJMটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

  • Share this:
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট পাঠ কৰিছে। এইবাৰৰ বাজেটকলৈ আছে বহু প্ৰত্যাশা। ১ লাখ চাকৰিৰ পৰা আৰম্ভ কৰি অন্যান্য বহুকেইটা বিষয়ৰ বাবে এইবাৰ বাজেট অত্যন্ত গুৰুত্বপূৰ্ণ। আজি বাজেটত বিত্তমন্ত্ৰীয়ে নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ সন্দৰ্ভত সবিশেষ দাঙি ধৰে।

বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে জনাই যে, ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০গৰাকীক নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হৈছে।

নিযুক্তি প্ৰক্ৰিয়া অধিক গতিশীল কৰিবলৈ ৰাজ্য চৰকাৰে Assam Direct Recruitment Commission for Analogous Posts in Class III and Clas IV Act 2021 প্ৰণয়ন কৰা হৈছে। নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰিবলৈ দুখন নিযুক্তি আয়োগ গঠন কৰা হৈছে। ৩১ মাৰ্চ ২০২২ৰ পূৰ্বে আয়োগে খালী পধ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হব।

নিযুক্তি দিবলগীয়া পদৰ তালিকাঃ

গৃহ বিভাগত ১৬,৬৫৮ টা পদ।
প্ৰাথমিক শিক্ষা বিভাগত ১০০০০ পদ।
কাৰিকৰী শিক্ষাত ২৬৯টা পদ।
এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯টা পদ।
মাধ্যমিক শিক্ষাতঃ১৩,৫৬৮টা পদ।
উচ্চ শিক্ষাতঃ ১৮৯১টা পদ।
শিক্ষা(সকলো বিভাগ আৰু সঞ্চালকালয়ত)-২০৯৩টা পদ।
স্বাস্থ্য বিভাগতঃ ৬০৯৪টা পদ।
পৰিবেশ আৰু বন বিভাগত- ২১৪৮টা পদ।

ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ বিভিন্ন অভিযান যেনে, NHM,SSA,ASRLM,JJMটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

শেহতীয়া বাতৰি