গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ষ্টাৰ্ট-আপ ইক' ছিষ্টেমৰ বাবে ২৫ কোটি টকা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ষ্টাৰ্ট-আপ ইক' ছিষ্টেমৰ বাবে ২৫ কোটি টকা
বিত্তমন্ত্ৰী অজন্তা নেওগে বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ পৰিৱেশ উন্নীত কৰাৰ লগতে গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে ৰাজ্যৰ ৬ বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। NIDAৰ পুঁজিৰ পৰা ধন আৱণ্টন লাভ কৰিবলগীয়া এই বিশ্ববিদ্যালয়কেইখন হৈছে মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় (Assam Budget 2022-23)।
ইয়াৰ লগতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখেৰে ৭খন এনে মহাবিদ্যালয়লৈ ১০ কোটিকৈ টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰিছে বাজেটত। অহা তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলগীয়া এই মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অনুদান দিয়া হৈছে। মহাবিদ্যালয়কেইখন হৈছে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ে।
আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ষ্টাৰ্ট-আপ ইক' ছিষ্টেমৰ বাবে ২৫ কোটি টকা, শিলচৰ আৰু অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ ১৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৯খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবেও ২৫ কোটি টকা, আন্তঃগাঁথনি উন্নয়নৰ বাবে গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্স (TISS)লৈ ১৫ কোটি টকা আগবঢ়োৱা হৈছে। ইয়াৰ লগতে আই আই আই টি গুৱাহাটীৰ চৌহদৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০ কোটি, হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুদানৰ কথাও ঘোষণা কৰা হৈছে বাজেটত ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|