১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাজেট ভাষণত এই কথা উল্লেখ কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে। ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, কোভিট১৯ৰ সংকট আৰু নেৰানেপেৰা লকডাউনে আমাৰ ৰাজ্যখনৰ যুৱ সমাজৰ নিয়োগ সুবিধাৰ ক্ষেত্ৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এই সমস্যা দূৰ কৰাৰ বাবে আমাৰ চৰকাৰে ৰাজ্যৰ ১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
ইতিমধ্যে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক–যুৱতীক নিযুক্তি প্ৰদান কৰা বুলি মন্তব্য কৰে অজন্তা নেওগে।
‘‘এই প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু নিয়োগ পত্ৰ প্ৰদান কৰিছো। এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে Assam Direct Recruitment for Analogous Posts in Class-III and Class-IV Act. 2021 প্ৰণয়ন কৰিছে। নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে দুখন নিযুক্তি কমিটী গঠন কৰা হৈছে। ৩১ মাৰ্চ ২০২২ৰ পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হ’ব।’’ – বাজেট ভাষণত মন্তব্য অজন্তা নেওগৰ।
নিযুক্তি দিবলগীয়া পদসমূহ –
গৃহ বিভাগ – ১৬,৬৫৪প্ৰাথমিক শিক্ষা বিভাগ – ১০,০০০
কাৰিকৰী শিক্ষা – ২৯৬
এছচিইআৰটি সঞ্চালকালয় – ২৭৯
মাধ্যমিক শিক্ষা – ১৩,৫৬৮
উচ্চ শিক্ষা – ১৮৯১
শিক্ষা (সকলো বিভাগ আৰু সঞ্চালকালয়) সৰ্বমুঠ – ২৬,০৩৪টা পদ।স্বাস্থ্য বিভাগ – ২০৯৩
স্বাস্থ্য শিক্ষা সঞ্চালকালয়, আয়ুষ সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ), খাদ্য সুৰক্ষা আৰু ঔষধ আয়ুক্ত – ৬০৯৪
বন তথা পৰিৱেশ বিভাগ – ২১৪৮
সৰ্বমুঠ – ৫০৯৩০অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|