কাইলৈ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট। বিত্তমন্ত্ৰীয়ে সদনত কাইলৈ দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব সেই লৈ সকলোৰে মাজত ব্যাপক চৰ্চা চলিছে। ইফালে ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱা সংস্থাপনৰ বাবেও বিভিন্ন সময়ত তেওঁলোকৰ সিদ্ধান্তৰ কথা জনাই আহিছে। তেনে সময়তে কাইলৈ দাখিল কৰিবলগীয়া বাজেটত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত বিশেষ আঁচনি লব পাৰে বুলি আশা কৰা হৈছে। সেইদৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ বাবে সুবিধা হোৱাকৈ মোবাইল ফোন যোগান ধৰাৰ বাবেও বাজেটত বিশেষ আঁচনি থাকিব পাৰে।
কাইলৈৰ বাজেটক লৈ বিশেষ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পেগুৱে কয় যে, 'অনলাইন শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে। আমি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল যোগান ধৰাৰ প্ৰস্তাৱ ৰাখিছো। কাইলৈ বাজেট দাখিল হোৱাৰ পিছত গম পাম। প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব আমি বহু আশাবাদী।'
ইফালে বাজেট সন্দৰ্ভত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, বিজেপি মিত্ৰজোটৰ প্ৰথম বাজেট। অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত উল্লেখ থাকিব।জনকল্যানমূলক আঁচনি থাকিব বুলি আশা কৰিছো। নিৱনুৱা সমস্যা সমাধানৰো আঁচনি হয়তো অন্তৰ্ভুক্ত হ'ব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|