আজি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট। বৰ্তমান সদনত দাখিল কৰি থকা বাজেটকলৈ ৰাজ্যবাসীৰ আছে বহু আশা প্ৰত্যাশা।

কি কি আছে অজন্তা নেওগৰ বাজেটতঃ
- চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাচত সুবিধা হোৱাকৈ একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰা হ'ব। এই আঁচনিৰ জৰিয়তে ৮ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব।
- প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰৰ বিদ্যুতিকাৰণৰ বাবে ১৪৪ কোটি টকা ধাৰ্য
- খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ বিভাগ নামে নতুন বিভাগ স্থাপনৰ প্ৰস্তাৱ বাজেটত।
- বিধৱা মহিলাৰ বাবে আঢ়ৈ লাখ টকাৰ একালীন সাহায্য। বছৰি ৫লাখ টকাৰ তলৰ আয়ৰ বিধৱা মহিলাই পাব এই সুবিধা।
- গুৱাহাটীৰ সকলো পাহাৰ–মুকলি ঠাই সংৰক্ষণৰ ব্যৱস্থা।
- ৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ। গোলাঘাট, ধেমাজি, মৰিগাঁৱত হ’ব মেডিকেল কলেজ। বঙাইগাঁও আৰু তামুলপুৰতো হ’ব মেডিকেল কলেজ।
- ৰাজ্যৰ ১০ ঠাইত হ’ব ১০টা কামাণ্ডো বেটেলিয়ান। বচা বচা কনিষ্টবল, SIক দিয়া হ’ব নিযুক্তি।
- গোৱালপাৰ জিলাত নতুন অভয়াৰণ্য ঘোষণা।
- কাৰ্বি আংলঙত হ’ব নতুন ৰাজ্যিক বিশ্ববিদ্যালয়।
- ডিব্ৰুগড়, শিলচৰত হ’ব নতুন চিৰিয়াখানা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|