মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Budget 2021-22: দৰিদ্ৰলোকক সকাহ দিছে অজন্তা নেওগৰ বাজেটে, হাতত লৈছে কেইবাখনো অভিলাসী আঁচনি

Assam Budget 2021-22: দৰিদ্ৰলোকক সকাহ দিছে অজন্তা নেওগৰ বাজেটে, হাতত লৈছে কেইবাখনো অভিলাসী আঁচনি

News18 Assam | News18-Assam
Updated:July 16, 2021, 5:46 PM IST
Assam Budget 2021-22: দৰিদ্ৰলোকক সকাহ দিছে অজন্তা নেওগৰ বাজেটে, হাতত লৈছে কেইবাখনো অভিলাসী আঁচনি
শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে।

শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে।

  • Share this:
শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে।  আজি দাখিল কৰা বাজেটত দৰিদ্ৰ লোকসকলৰ সহায় হোৱাকৈ ৰাজ্য চৰকাৰে বহুকেইখন আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও চলি অহা আঁচনি সমূহক অধিক গতিশীল কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

  • দৰিদ্ৰ লোকৰ বাবে অন্ন যোজনাঃ



অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰক অধীনত সকলো হিতাধিকাৰীলৈ ANNA আঁচনিৰ অধীনত অসম চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি আহিছে।

  • শ্ৰমিক কল্যান যোজনাঃ



চাহ বাগিচাৰত কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী আৰু শ্ৰমিকসকলক গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ৰ মজুৰিৰ ক্ষতিপূৰণ হিচাপে ১২ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে।

  • দিনদয়াল উপাধ্যায় দিব্যাংগ পেন্সন আঁচনিঃ


এই আঁচনিৰ জৰিয়তে মাহ্ ১ হাজাৰ টকা লাভ কৰিব হিতাধিকাৰীয়ে।

  • অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিঃ


আঁচনি অনুসৰি,  প্ৰথম শ্ৰেণীত নিয়মিত ভাবে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছে। ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁৱলোকলৈ ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত।

১ৰ পৰা ৮৯ দিনলৈকে  ঋণ পৰিশোধ নকৰাসকলক দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰাহকসকললৈ পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব। আৰু  তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিষ্টিসমূহ পৰিশোধ কৰাটো আৰম্ভ কৰাৰ পিছত তেওঁলোক ২৫ হাজাৰ টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব।

যিসকল গ্ৰাহক মানসিকভাবে চাপৰ সন্মুখীন হৈছে তথা সস্বস্বান্ত হৈ পৰিছে আৰু যিসকলৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।

অৰুণোদয় আঁচনিঃ

প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলি অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছো। এইখন আঁচনি অসমৰ এখন সৰ্ববৃহৎ আঁচনি যিখনে অসমৰ মুঠ পৰিয়ালৰ ৪০ শতাংশক সামৰি লৈছে। এই বছৰৰ বাবে ১৮০০ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। বাজেট ভাষণত এই কথা সদৰি কৰিলে বিত্ত মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিঃ

কোৰোণাত পিতৃ-মাতৃক হেৰুওৱা ১৫ বছৰ অনুৰ্ধ্বৰ মাউৰা লৰা ছোৱালীৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ যোগেদি মাহে ৩৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হব। শিশুসকলৰ নামত ৭,৮১,২০০ টকা স্থায়ী জমা হিচাপে বেংকত ৰখা হব। আৰু সুতৰ পৰা মাহে ৩৫০০ টকাকৈ শিশু-কিশোৰজনে ২৪ বছৰ পৰ্যন্ত লাভ কৰিব। আৰু ২৪ বছৰ বয়সত সম্পূৰ্ণ ধনৰাশি নিজৰ বেংক একাউণ্টত লাভ কৰিব।

অৰুন্ধতি আঁচনিঃ

বিবাহযোগ্য ছোৱালীলৈ অৰুন্ধতী আঁচনিৰ স্বৰ্ণ ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হব।

মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিঃ

কোৰোণাই স্বামীহাৰা কৰা মহিলা, যিসকলৰ বাৰ্ষিক আয় ৫ লাখৰ কম, সেইসকলক আৰ্থিক সাহাস্য প্ৰদান কৰা হব। ২.৫০ লাখ টকাৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হব।

কুশল কোঁৱৰ আঁচনিঃ প্ৰতিমাহে ১০ তাৰিখৰ ভিতৰত শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত যথাক্ৰমে মাহিলি বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাঃ ৰাজ্যৰ ২২,৪৭৮ খন ৰাজহ গাঁৱৰ কৃষক গোটৰ মাজত ৭০ শতাংশ ৰাজ সাহায্য হাৰত প্ৰায় ১৪,৯৮৭ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: July 16, 2021, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি