• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Budget 2021-22: বাজেট দাখিলৰ পিছতে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে অখিল গগৈয়ে! পিছে কিয়?

Assam Budget 2021-22: বাজেট দাখিলৰ পিছতে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে অখিল গগৈয়ে! পিছে কিয়?

 এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেটঃ অখিল গগৈ

 এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেটঃ অখিল গগৈ

 এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেটঃ অখিল গগৈ

  • Share this:
শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে। বাজেট দাখিলৰ পিছতে শাসক পক্ষৰ লগতে বিৰোধী পক্ষৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া আহিছে। শাসক পক্ষই প্ৰত্যাশিত বাবে বাজেটক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী পক্ষই তীক্ষ্ন সমালোচনা কৰিছে বাজেটক। তাৰ মাজতে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে ধন্যবাদ জনালে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক।

অখিল গগৈয়ে কয় যে, ' উন্নয়নৰ কাম-কাজ সকলো বাজেটত থাকে আৰু আছে। মাটিৰ পত্তা আৰু ভূমি অধিকাৰৰ কথা কোৱা হৈছে বাজেটত। তাৰ কাৰণে বাবে ভাল লাগিছে। শিৱসাগৰ সমষ্টিৰ বাবে কেইটাও কাম হাতত লোৱাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক ধন্যবাদ জনাইছো। কিন্তু উন্নয়নৰ বাবে ১০০ কোটি টকা বিচাৰ বিষয়টো উত্থাপন নহ'ল বাজেটত। সেইদৰে কোভিড আৰু লকডাউনত প্ৰভাৱ পৰা লোকৰ বাবে একো নাই বাজেটত।

 এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেটঃ অখিল গগৈ

'মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলাক আশ্বস্ত কৰিব পৰা নাই বাজেটে। এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেট। কেন্দ্ৰীয় আঁচনিৰ ধন ইয়াত উল্লেখ কৰা হৈছে। পুৰণি বাজেটখনকে নতুন ৰূপ দিয়া হৈছে। পুৰণি বটলত নতুন মদ বাহিৰে একো নহয়। কোভিড আৰু লকডাউনত প্ৰভাৱ পৰা লোকৰ বাবে একো নাই বাজেটত । কোভিড ভেকচিন প্ৰদান কেতিয়া সম্পন্ন হ'ব,সেই কথা ইয়াত উল্লেখ নহ'ল বাজেটত।'- এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে।
Published by:Himangshu Bhuyan
First published: