আজি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট। বৰ্তমান সদনত দাখিল কৰি থকা বাজেটকলৈ ৰাজ্যবাসীৰ আছে বহু আশা প্ৰত্যাশা। বিশেষকৈ মাইক্ৰফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত বাজেটত কি আঁচনি লোৱা হ'ব সেইলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে সকলোৱে।
সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে মাইক্ৰফাইনেন্সৰ লোন লোৱা মহিলাসকলৰ বাবে বিশেষ উদগনিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে জনাই যে, 'অসমৰ প্ৰায় ৩৬ লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ ১২,৫০০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছে। '
মাইক্ৰফাইনেন্সৰ লোনৰ সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ভাষণঃ
- মাইক্ৰফাইনেন্সৰ সকলো ঋণ প্ৰদানকাৰীৰ শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা তথা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাবে অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থে ইতিমধ্যে Assam Micro Finance Institutions (Regulations
of Money Lending) Act, 2020 প্ৰণয়ন কৰা হৈছে।
- ১১ মে' ২০২১ত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ পিছত অশোক সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰফাইনেন্স প্ৰতিষ্ঠান সম্বন্ধীয় কমিটী গঠন কৰা হয়।ইতিমধ্যে ঋণগ্ৰস্ত মহিলাগৰাকীক সকাহ দিয়াৰ উদ্দেশ্যে কেবিনেটে Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 নামৰ আঁচনিক অনুমোদন জনাইছে।
তিনিটা ভাগত ঋণগ্ৰস্ত লোকসকলক ভাগ কৰা হৈছেঃ
- প্ৰথম শ্ৰেণীত নিয়মিত ভাবে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছে। ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁৱলোকলৈ ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত।
- ১ৰ পৰা ৮৯ দিনলৈকে ঋণ পৰিশোধ নকৰাসকলক দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰাহকসকললৈ পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব। আৰু তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিষ্টিসমূহ পৰিশোধ কৰাটো আৰম্ভ কৰাৰ পিছত তেওঁলোক ২৫ হাজাৰ টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব।
- যিসকল গ্ৰাহক মানসিকভাবে চাপৰ সন্মুখীন হৈছে তথা সস্বস্বান্ত হৈ পৰিছে আৰু যিসকলৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।
এই আঁচনি(
Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 )ৰ অধীনত বিবেচিত হ'বলৈ তেওঁলোকে এখন প্ৰ-পত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেধৰণে মাইক্ৰফাইনেন্সৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণ ৰূপে নিকা আচৰণ বিধিৰ নীতি-নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ফলত ৪০০০ কোটি টকাতকৈও অধিক ধন, ঋণদাতাৰ পৰা প্ৰত্যক্ষভাবে ঋণ গ্ৰহণকাৰীসকললৈ হস্তান্তৰ হ'ব। আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ দ্বাৰা উপকৃত হব।
এই ৰেহাইৰ বাবে প্ৰয়োজন হব প্ৰায় ১২,০০০ কোটি টকাৰঃ
ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ললে পুঁজিৰ প্ৰয়োজনীয়তা কমি ১২,০০০ কোটি টকাৰ পৰা ৭,৫০০ কোটি টকালৈ নামি আহিব। সেই অনুসৰি ধন ধাৰ্য কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|