মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Budget 2021-22: শিলচৰ আৰু ডিব্ৰুড়ত হ'ব নতুন চিৰিয়াখানা, কাৰ্বি আংলঙত স্থাপন হ'ব ৰাজ্যিক বিশ্ববিদ্যালয়

Assam Budget 2021-22: শিলচৰ আৰু ডিব্ৰুড়ত হ'ব নতুন চিৰিয়াখানা, কাৰ্বি আংলঙত স্থাপন হ'ব ৰাজ্যিক বিশ্ববিদ্যালয়

News18 Assam | News18-Assam
Updated:July 17, 2021, 9:39 AM IST
Assam Budget 2021-22: শিলচৰ আৰু ডিব্ৰুড়ত হ'ব নতুন চিৰিয়াখানা, কাৰ্বি আংলঙত স্থাপন হ'ব ৰাজ্যিক বিশ্ববিদ্যালয়
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে কেইবাটাও ঘোষণা কৰিছে।

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে কেইবাটাও ঘোষণা কৰিছে।

  • Share this:
শুকুৰবাৰে অসম বিধানসভাত দাখিল কৰা হ'ল ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে কেইবাটাও ঘোষণা কৰিছে। ৰাজ্যৰ শিক্ষা তথা স্বাস্থ্য খণ্ডক এইবাৰ বাজেটে বিশেষ ভাবে অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষা ব্যৱস্থা উন্নত কৰা ক্ষেত্ৰত ২০২১-২২ বৰ্ষৰ বাজেটত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, 'পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰি হৈছে।'

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “কাৰ্বি আংলং হৈছে ৰাজ্যৰ আটাইতকৈ ডাঙৰ জিলা। আমাৰ চৰকাৰে পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছো।”

ইপিনে  বাজেট ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, 'অসমত বৰ্তমানলৈকে কেৱল এখনহে চিৰিয়াখানা আছে। কিন্তু নতুনকৈ ডিব্ৰুগড় আৰু শিলচৰত নতুন বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্র স্থাপনকৰা হ’ব। এই কেন্দ্ৰৰ প্রাথমিক লক্ষ্য হ’ব- দুর্যোগৰ সমুখীন হোৱা বন্যপ্রাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমৰ প্রাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা।'
Published by: Himangshu Bhuyan
First published: July 17, 2021, 9:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি