শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে। বাজেট দাখিলৰ পিছতে শাসক পক্ষৰ লগতে বিৰোধী পক্ষৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া আহিছে। শাসক পক্ষই প্ৰত্যাশিত বাবে বাজেটক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী পক্ষই তীক্ষ্ন সমালোচনা কৰিছে বাজেটক। তাৰ মাজতে সংবাদমেল সম্বোধন কৰি বাজেটক জনকল্যানমুখী আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'আজি অসমৰ বাবে গৌৰৱৰ দিন। মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে। দাখিল কৰা বাজেট জনকল্যানমুখী। বাজেটত মাইক্ৰফাইন্সৰ ঋণ মাফৰ ব্যৱস্থা লোৱা হৈছে। অৰুণোদয়ৰ ধনৰ পৰিমাণ বাজেটত বঢ়োৱা হৈছে। অসমত কৃষি বিপ্লৱৰ কথা কোৱা হৈছে। প্ৰতিটো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা পুখুৰী কথা কোৱা হৈছে।
স্বাস্থ্য খণ্ডত ১ হাজাৰখন হাস্পতাল নিৰ্মাণৰ কথা কোৱা হৈছে। কোভিডৰ সময়ত স্মাৰ্ট ফোনত শিক্ষা লৈছিল। বাজেটত দুখীয়া শিক্ষাৰ্থীৰ ক্ষেত্ৰত বাবে স্মাৰ্ট ফোন প্ৰদানৰ ব্যৱস্থা কৰিছে।'
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, 'অসমবাসী ৰাইজৰ পৰা আশীষ বিচাৰিছো। বাজেট খন ৰূপায়নৰ বাবে নিজ নিজ বিভাগৰ মন্ত্ৰীয়ে দায়িত্ব লব লাগিব। কেৱল নতুন ঘোষণাই কৰা হোৱা নাই। ইতিমধ্যে ৰাজ্যত চলি থকা আন আঁচনি সমূহো কিদৰে অধিক গতিশীল কৰি তুলিব পাৰি, সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে বাজেটত। কোৰোণাৰ এনে সময়তো বিত্তমন্ত্ৰীয়ে দাখিল কৰা এনে জনকল্যানমুখী বাজেটৰ বাবে সকলো মন্ত্ৰীৰহৈ ধন্যবাদ জনাইছো।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 16, 2021, 18:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।