உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Shocking Bridge : এখন আজৱ দলং, নিৰ্মাণো হ'ল উদ্বোধনো হ'ল, ৰাইজৰ যাতায়াতহে আৰম্ভ নহ'ল, অসমতে আছে এইখন দলং

    Shocking Bridge : এখন আজৱ দলং, নিৰ্মাণো হ'ল উদ্বোধনো হ'ল, ৰাইজৰ যাতায়াতহে আৰম্ভ নহ'ল, অসমতে আছে এইখন দলং

    মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ টীয়ক নৈৰ ওপৰত থকা এই পকী দলংখন দুমাহ পূৰ্বে উদ্ধোধন কৰিছিল বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

    মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ টীয়ক নৈৰ ওপৰত থকা এই পকী দলংখন দুমাহ পূৰ্বে উদ্ধোধন কৰিছিল বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

    মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ টীয়ক নৈৰ ওপৰত থকা এই পকী দলংখন দুমাহ পূৰ্বে উদ্ধোধন কৰিছিল বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

    • Share this:
    এখন আজৱ  দলং। এলাপেচা দলং নহয় চৰকাৰী ধনেৰে নিৰ্মাণ কৰা পকী দলং। সেই পথেদি আপুনি গ'লে দলংখনৰ  ওপৰেদি আপুনি যাব নোৱাৰে। দলঙৰ তলৰ নদীৰে নামি যাব লাগিব নতুবা দলংখন বগাই পাৰ হ'ব লাগিব। এই আজৱ দলং খন আছে মৰিয়নিত।

    মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ টীয়ক নৈৰ ওপৰত থকা এই পকী দলংখন দুমাহ পূৰ্বে মুকলি কৰা হৈছিল। কিন্তু দলং নিৰ্মাণ সম্পূৰ্ণ হ'ল যদিও অঞ্চলটোৰ ৰাইজৰ বাবেহে যাতায়াতৰ উপযোগী হৈ নুঠিল দলংখন। ১৭নং পূব নকছাৰী গাঁও পঞ্চায়তৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পাঁচ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল এই সৰু পকী দলংখন।পঞ্চায়তখনৰ ঠিকাদাৰে দলংখন নিৰ্মান কৰিলে ঠিকেই, কিন্তু দুই মূৰে মাটী দিবলৈহে হয়তো পাহৰিলে। এতিয়া এই সৰু দলংখনৰ দুই মূৰত দুটা বৃহৎ গাঁত। মটৰ চাইকেল গাড়ী বাদেই খোজ কাঢ়িও পাৰ হ'ব নোৱাৰি এইখন দলঙেৰে।

    উল্লেখ্য যে দলংখন নিৰ্মাণৰ পিছত উদ্ধোধন কৰিবলৈ আহিছিল ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। দলংখনে সংযোগ কৰিছে নাগিনীজান চাহ বাগিছাৰ ষ্টাফ লাইন আৰু ইটাভাটা লাইনৰ মাজত। অঞ্চলদুটাৰ ৰাইজে আশা কৰিছিল দলংখন হ'লে যোগাযোগ ব্যৱস্থা উন্নত হ'ব। মেডিকেললৈ ৰোগী নিবলৈ এম্বুলেন্স আহিব পাৰিব। কিন্ত এতিয়া দলংখনেদি মানুহটো বাদেই গৰুও পাৰ  হ'ব নোৱাৰে বুলি ক্ষোভ উজাৰিছে স্থানীয় লোকে। অঞ্চলটোৰ ৰাইজৰ বাবে এতিয়া দলংখন "আছে গৰু নাবাই হাল থকাত কৈ নথকায়ে ভাল" আপ্ত বাক্যশাৰীৰ দৰে হৈছে।
    Published by:Manjumoni Borah
    First published: