বিশ্ব অভিলেখ সৃষ্টি কৰিছে অসমৰ বিস্ময় বালক ত্ৰিদীপ কুমাৰ বৰ্মনে

News18 Assam | News18-Assam
Updated:August 23, 2020, 8:55 PM IST
বিশ্ব অভিলেখ সৃষ্টি কৰিছে অসমৰ বিস্ময় বালক ত্ৰিদীপ কুমাৰ বৰ্মনে
পূৰ্বে ২০১৯ বৰ্ষত পঞ্জাবত অনুষ্ঠিত যোগ চেম্পিয়নশ্বীপত স্বৰ্ণপদকৰ লগতে এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

পূৰ্বে ২০১৯ বৰ্ষত পঞ্জাবত অনুষ্ঠিত যোগ চেম্পিয়নশ্বীপত স্বৰ্ণপদকৰ লগতে এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

  • Share this:
বিশ্ব অভিলেখ সৃষ্টি কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিস্ময় বালক ত্ৰিদীপ কুমাৰ বৰ্মনে। প্ৰচূৰ প্ৰতিভাসম্পন্ন গুৱাহাটীৰ যোগ তাৰকা মাষ্টাৰ ত্ৰিদীপে ২০১৮ চনৰ পৰা বৰ্তমান সময়লৈ বিগত সময়ত প্ৰতিখন যোগ প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰিছে। শেহতীয়াকৈ ডিম্বাসন যোগত সৰ্বাধিক ৫ মিনিট ৮ ছেকেণ্ড সময় থাকি বিশ্ব অভিলেখ সৃষ্টি কৰে গুৱাহাটীৰ ত্ৰিদীপ কুমাৰ বৰ্মনে। ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত পঞ্জাবত অনুষ্ঠিত যোগ চেম্পিয়নশ্বীপত স্বৰ্ণপদকৰ লগতে এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে বিগত তিনিটা বছৰত গুৱাহাটী, কামৰূপ, অসম, উত্তৰ-পূৰ্বাঞ্চল, মাণ্ডলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যোগত বিভিন্ন ধৰণৰ ব্যায়াম কৰি অভিলেখ সৃষ্টি কৰিছিল গুৱাহাটীৰ মাহৰ্ষি বিদ্যা মন্দিৰ স্কুলৰ ছাত্ৰ ত্ৰিদীপ কুমাৰ বৰ্মনে। ভবিষ্যতে অলিম্পিকৰ ইভেণ্ট জিমনাষ্টিক খেলুৱৈ হ’ব বিচাৰে ত্ৰিদীপে। ত্ৰিদীপে কৰা যোগৰ বিভিন্ন ব্যায়াম আপুনি মই দেখিলে আমাৰো চকু কপালত উঠিব। অসাধাৰণ প্ৰতিভাসম্পন্ন ত্ৰিদীপ কুমাৰ বৰ্মন হ’ল গুৱাহাটীৰ বশিষ্টৰ বৰপথাৰ নিৰ্বাসী ৰাজ কুমাৰ বৰ্মন আৰু বিনীতা বৰ্মনৰ পুত্ৰ।
Published by: Sanjay Kumar Das
First published: August 23, 2020, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading