• Home
  • »
  • News
  • »
  • assam
  • »
  • তামিলনাডুত পণবন্দী অসমৰ ১৩ যুৱকক ৬৫ হাজাৰ টকাৰ বিনিময়ত মুকলি,মালিকপক্ষই মাৰপিট কৰি কাঢ়ি ৰাখিলে মোবাইল ফোন

তামিলনাডুত পণবন্দী অসমৰ ১৩ যুৱকক ৬৫ হাজাৰ টকাৰ বিনিময়ত মুকলি,মালিকপক্ষই মাৰপিট কৰি কাঢ়ি ৰাখিলে মোবাইল ফোন

অৱশেষত মুকলি হ’ল তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ দল

অৱশেষত মুকলি হ’ল তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ দল

অৱশেষত মুকলি হ’ল তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ দল

  • Share this:
    অৱশেষত মুকলি হ’ল তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ দল। ৬৫হাজাৰ টকা মুক্তিপণৰ বিনিময়ত মুকলি ১১জন যুৱকক।কিন্তু মালিকপক্ষই মাৰপিট কৰি যুৱক কেইজনৰ পৰা কাঢ়ি ৰাখিলে মোবাইল ফোনৰ লগতে এ টি এম আৰু বহু জৰুৰী নথি-পত্ৰ। তামিলনাডুৰ এটা ব্যৱসায় প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱককেইজন। মালিকে ভেৰণীয়া গুণ্ডা লগাই আবদ্ধ কৰিছিল দলটোক।

    দুদিনধৰি মালিকপক্ষই গুণ্ডা লগাই আবদ্ধ কৰি ৰাখিছিল অসমৰ যুৱকৰ দলটোক।পিছত তামিলনাডুৰ পৰাই সহায় ভিক্ষা কৰিছিল যুৱককেইজনে। বন্ধ কোঠাত আবদ্ধ হৈ থকা অৱস্থাতে উদ্ধাৰৰ বাবে যুৱককেইজনে কাতৰ আহ্বান জনাইছিল অসম চৰকাৰ আৰু আৰক্ষীক। আবদ্ধ হৈ থকা যুৱককেইজন চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।
    First published:

    শেহতীয়া বাতৰি