உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চানমাৰীত চলি থকা অসম গ্ৰন্থমেলাত অভিলেখ! মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

    চানমাৰীত চলি থকা অসম গ্ৰন্থমেলাত অভিলেখ! মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

    চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে।

    চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে।

    চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে।

    • Share this:
    চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। আৰম্ভ হোৱাৰ মাত্ৰ চাৰি দিনতে বিক্ৰী হৈছে প্ৰায় ১ কোটি টকাৰ গ্ৰন্থ।প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫  লাখ টকাৰ গ্ৰন্থ।তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ। ইয়াৰোপৰি, উদ্যোগতা অসম প্ৰকাশক পৰিষদৰ বিপণিত বিক্ৰী হৈছে চাৰিটা দিনত চাৰিলাখ টকাৰ গ্ৰন্থ।

    অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ। তাৰে ভিতৰত এইবাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা অনুৰাধা শৰ্মা পূজাৰীৰ 'ইয়াত এখন অৰণ্য আছিল' উপন্যাসখন বিচাৰি বিপনীয়ে বিপনীয়ে ভিৰ কৰিছে পাঠকে। মাত্ৰ চাৰিটা দিনতে গ্ৰন্থমেলাৰ প্ৰায়ভাগ বিপনীতে নাইকিয়া হৈছে গ্ৰন্থখন।

    অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন গ্ৰন্থ মেৰেং, ৰত্নোত্তমা দাস বিক্ৰমৰ অৰ্বাচীন, বৈদুৰ্য বৰুৱাৰ গ্ৰন্থ আকৌ চেণ্টু দা আৰু নৱতম লেখক ইন্দ্ৰনী শৰ্মাৰ আবিৰ নামৰ গ্ৰন্থখনকেইখনৰ  বৃদ্ধি হৈছে চাহিদা।

    উল্লেখ্য যে, যোৱাবাৰৰ গ্ৰন্থমেলাৰ অভিলেখ এইবাৰ ভংগ হ'ব বুলি আশাবাদী উদ্যোগতাসকল।উল্লেখযোগ্য যে, শিশু গ্ৰন্থসমূহো বিক্ৰী হৈছে এইবাৰৰ অসম গ্ৰন্থমেলাত।এই পাঁচটা দিনত বিভিন্ন লেখকৰ ১৫০ খনৰো অধিক গ্ৰন্থ উন্মোচন হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: