বঙাইগাঁৱত নিশা বৰদৈচিলাৰ তাণ্ডৱ ৷ চহৰৰ বিভিন্ন স্থানত গছ ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত ৷ নিউ বঙাইগাঁৱত ঘৰত গছ পৰি গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে এগৰাকী মহিলা ৷ বঙাইগাঁৱত নিশা বৰদৈচিলাৰ তাণ্ডৱ ৷ চহৰৰ বিভিন্ন স্থানত গছ ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত ৷ নিউ বঙাইগাঁৱত ঘৰত গছ পৰি গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে এগৰাকী মহিলা ৷ বঙাইগাঁৱত নিশা বৰদৈচিলাৰ তাণ্ডৱ ৷ চহৰৰ বিভিন্ন স্থানত গছ ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত ৷ নিউ বঙাইগাঁৱত ঘৰত গছ পৰি গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে এগৰাকী মহিলা ৷ আহত লক্ষী বৰ্মণ নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হৈছে ৷
একেদৰে বীৰঝৰা চাহ বাগানৰ ভীম বাহাদুৰ বিশ্বকৰ্মা নামৰ শ্ৰমিক এজনৰ বাসগৃহত ভাঙি পৰিল প্ৰকাণ্ড গছ ৷ বাসগৃহটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে যদিও সৌভাগ্যক্ৰমে ঘৰত কোনো লোক নথকাৰ ফলত কথমপি ৰক্ষা পৰে পৰিয়ালটো ৷ একেদৰে বঙাইগাঁও সদৰ থানাৰ সন্মুখতো বৃহৎ গছ এডাল ভাঙি পৰাৰ লগতে কলেজ ৰোড , বাঘেশ্বৰীপাৰা আদি বিভিন্ন স্থানত গছ ভাঙি যাতায়ত ব্যাহত হয় ৷ আনহাতে এছ ডি আৰ এফে যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰি বাট পথসমুহ মুকলি কৰে ৷ নিশা অহা ধুমুহাজাকে বঙাইগাঁও চহৰৰ লগতে ইয়াৰ পৰ্শ্বৱৰ্তী এলেকাসমুহত বিদ্যুত সেৱা ব্যাহত কৰে ৷
Published by: Kokil Sarma
First published: April 16, 2022, 08:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|