• Home
  • »
  • News
  • »
  • assam
  • »
  • বাঁহেৰে গাড়ী নিৰ্মাণ কৰি 'STAR 2020' শীৰ্ষক বিশ্ব ৰেকৰ্ডছত স্থান লাভ কৰিলে মৰাণৰ ববী মাউতে

বাঁহেৰে গাড়ী নিৰ্মাণ কৰি 'STAR 2020' শীৰ্ষক বিশ্ব ৰেকৰ্ডছত স্থান লাভ কৰিলে মৰাণৰ ববী মাউতে

অতি সহজতে ৬ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে এই গাড়ীখনে।

অতি সহজতে ৬ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে এই গাড়ীখনে।

অতি সহজতে ৬ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে এই গাড়ীখনে।

  • Share this:
বাঁহেৰে চাৰিচকীয়া বাহন নিৰ্মাণ কৰি এইবাৰ ষ্টাৰ ২০২০ (STAR 2020) শীৰ্ষক বিশ্ব ৰেকৰ্ডছত স্থান লাভ কৰিছে মৰাণৰ শিলপোটা গাঁৱৰ ববী মাউতে। ২০০৫ চনতে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছিল এখন বাঁহৰ তিনিচকীয়া গাড়ী। গাড়ীখনৰ ইঞ্জিন আৰু চকাকেইটাৰ বাহিৰে প্ৰায়বোৰ অংশই বাঁহৰ। আনকি চাইলেঞ্চাৰ পাইপডালো বাঁহৰ।

এই গাড়ীখন নিৰ্মাণৰ বাবে ২০১৮ চনত অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছিল ববী মাউতে। সেই গাড়ীখনেই কিছু সলনি কৰি চাৰিচকীয়া কৰাৰ পিছত শেহতীয়াকৈ যোৱা সপ্তাহত বিশ্ব ৰেকৰ্ডছত স্থান পাবলৈ সক্ষম হৈছে মাউতে।

অতি সহজতে ৬ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে এই গাড়ীখনে। ববী মাউতে গাড়ীখনৰ নাম দিছে অভিনৱ। ববী মাউত এজন চিত্ৰশিল্পী হিচাপেও জনাজাত। প্ৰৱল ইচ্ছাশক্তিৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে ববী মাউতে।
Published by:Sanjay Kumar Das
First published: