আজি ঘটনাৰ তৃতীয় দিনাও ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাইছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে।
আজি ঘটনাৰ তৃতীয় দিনাও ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাইছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে।
নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ আজি তৃতীয় দিন। আজিও অব্যাহত আছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান। এইপৰ্যন্ত সন্ধান ওলোৱা নাই চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱা আৰু জান বৰাৰ।
ইফালে, আজি মাজুলীলৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাজুলী সমষ্টিৰ দুবাৰৰ বিধায়কগৰাকীয়ে নিমাতীঘাটৰ মৰ্মান্তিক ঘটনাৰ বুজ ল'বৰ বাবে আজি মাজুলীত উপস্থিত হ'ব। পুৱা নতুন দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈ তাৰ পৰাই মাজুলীলৈ ৰাওনা হ'ব সৰ্বানন্দ সোণোৱাল।
উল্লেখযোগ্য যে দুখন ফেৰীৰ মাজত সংঘৰ্ষৰ ফলতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গৈছিল এখন ফেৰী। যাৰ ফলত মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। এই দুৰ্ঘটনাত আন যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধান পোৱা নাই জান বৰা আৰু ডাঃ বিক্ৰমজিত বৰুৱা নামৰ চিকিৎসকজনৰ। আজি ঘটনাৰ তৃতীয় দিনাও ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাইছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|