ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নাভুত নাশ্ৰুত ঘটনা । শেহতীয়াকৈ নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছত সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে ,কাৰ অধীনত চলিছে জলপৰিবহণ বিভাগ । ব্ৰহ্মপুত্ৰৰ জাহাজ নাবিক প্ৰশিক্ষণ অবিহনেই চলে ।
নাবিকৰ পৰিৱৰ্তে সাধাৰণ কৰ্মীয়ে চলাই আহিছে অত্যাধুনিক জাহাজ । যাৰ বাবে ব্ৰহ্মপুত্ৰত সঘনাই সংঘটিত হয় ফেৰী দুৰ্ঘটনা । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভিতৰ চ'ৰাৰ আচল খবৰ শুনিলে অবাক হ'ব সকলো । গুৱাহাটী পাণবজাৰস্থিত উত্তৰ পুৱৰ একমাত্ৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰটি বিগত সাত বছৰৰ পৰা বন্ধ হৈ থকাৰ অভিযোগ । পানীৰ ওপৰত থকা নাবিক প্ৰশিক্ষণ কেন্দ্ৰটিৰ প্ৰতি চৰকাৰৰ অবহেলাৰ বাবে এতিয়া মামৰে ধৰিছে জাহাজৰ প্ৰায় অংশত । এফালৰ পৰা নষ্ট হৈ গৈছে আচবাব । প্ৰশিক্ষণ কেন্দ্ৰৰ এই দূৰৱস্থাৰ বাবে প্ৰশিক্ষণ অবিহনে মাষ্টৰ আথবা নাবিক হৈছে সাধাৰণ কৰ্মচাৰী ।
জল পৰিবহণ বিভাগৰ গুৱাহাটী পাণ বজাৰৰ কাৰ্যালয় তদাৰক বিষয়া ব্ৰজেন ভূঞাই সদৰী কৰামতে নাবিক প্ৰশিক্ষণ কেন্দ্ৰটি জীৱিত কৰি পুনৰ নাবিকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে । নাবিকৰ প্ৰশিক্ষণ থকা হলে দুৰ্ঘটনা
নিয়ন্ত্ৰণহীন জল পৰিবহণ বিভাগৰ বাবেই উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তৰ সমীপৰ জাইকা দলং , ধুবুৰী মেডাৰেটাৰী আৰু যোৰহাট নিমাতী ঘাটত শোকাৱহ ভটভটী দুৰ্ঘনা সংঘটিত হৈছিল । কিন্তু প্ৰতিটো দুৰ্ঘটনাৰ পৰা শিক্ষা ল'ব নোৱাৰিলে জল পৰিবহণ বিভাগে । বাংলাদেশৰ ছিটাগঞ্জলৈ আন্ত:ৰাষ্ট্ৰীয় জলমাৰ্গ নিৰ্মাণ কৰা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৱাহাটীতে বনাব পৰা নাই আন্তঃগাথনি । ইয়াৰ পিছতো ৰাইজ জল পৰিবহণ বিভাগৰ প্ৰতি কিয় আস্বস্ত হ'ব ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 13, 2021, 14:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।