মুখ্যপৃষ্ঠা »খবৰ »অসম »বিষয়া–অভিযন্তাক নিলম্বন কৰিলেই শেষ নেকি দায়িত্ব! কেতিয়া আঁতৰিব জল পৰিবহন বিভাগৰ কেৰোণ?

বিষয়া–অভিযন্তাক নিলম্বন কৰিলেই শেষ নেকি দায়িত্ব! কেতিয়া আঁতৰিব জল পৰিবহন বিভাগৰ কেৰোণ?

আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ উন্নয়নৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পৰিবহন ব্যবস্থাৰ কোনো উন্নতি কৰিব নোৱাৰিলে।

আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ উন্নয়নৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পৰিবহন ব্যবস্থাৰ কোনো উন্নতি কৰিব নোৱাৰিলে।

আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ উন্নয়নৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পৰিবহন ব্যবস্থাৰ কোনো উন্নতি কৰিব নোৱাৰিলে।

  • Share this:
ব্ৰহ্মপুত্ৰত কিয় সঘনাই সংঘটিত হয় নাও দুৰ্ঘটনা। গুৱাহাটীৰ পিছত পুনৰাবৃত্তি ঘটিল যোৰহাট নিমাতীঘাটত। বুধবাৰে বিয়লি নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই উদঙালে জল পৰিবহন বিভাগৰ নিয়ন্ত্ৰণহীনতাৰ ছবিখন। ২০১৮ চনৰ পাঁচ ছেপ্টেম্বৰৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পৰা শিক্ষা নোলোৱা জল পৰিবহন বিভাগে পুনৰ সন্মুখীন হ'ল আন এক ভয়াৱহ দুৰ্ঘটনাৰ।

আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ উন্নয়নৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পৰিবহন ব্যবস্থাৰ কোনো উন্নতি কৰিব নোৱাৰিলে। ২০১৮ চনৰ ভটভটী দুৰ্ঘটনাৰ পিছত ন্যায়ালয়ৰ হস্তক্ষেপত ভটভটী চলাচল  বন্ধ কৰা হৈছিল। কিন্তু জল পৰিবহন বিভাগৰ অকৰ্মণ্যতা আৰু চৰকাৰৰ হেমাহিৰ বাবে পুনৰ নিমাতীঘাটত সংঘটিত হ'ল নাও দুৰ্ঘটনা।

নিমাতীঘাট নাও দুৰ্ঘটনাৰ  লগত সামঞ্জস্য আছে  ২০১৮ চনৰ ৫ ছেপ্টেম্বৰৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ভটভটী দুৰ্ঘটনাৰ লগত। গুৱাহাটীৰ ভটভটী দুৰ্ঘটনাৰ কাৰণ হিচাপে জল যাতায়াতৰ নিয়ন্ত্ৰণহীনতাৰ একেই ছবিখন নিমাতীঘাটতো দেখা গ’ল। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জল যাতায়াতৰ উন্নয়নৰ বাবে অত্যাধুনিক ৰ'ৰ' ,ৰ'পেক্স আৰ পি এল জাতীয় কেইবাখনো জাহাজ অনাৰ কথা সদৰি কৰিছিল। দুদিনমানৰ বাবে ৰ' ৰ', ৰ'পেক্স জাহাজ পাৰঘাটত দেখা গল, তাৰ পিছত ফুটুকাৰ ফেন। ঘাটৰ পৰা নাইকিয়া হ'ল ৰ'ৰ', ৰ’পেক্স জাহাজ। অৱশ্যে চাৰি আৰ পি এল জাহাজৰ ওপৰত ভৰসা কৰি গুৱাহাটীত জল যাতায়াত ব্যবস্থা চলি আছে।

একোখন ৰ'ৰ' তথা ৰ'পেক্সৰ মুল্য বাৰ কোটি তথা ততোধিক। কেন্দ্ৰীয় জল পৰিবহন চেয়াৰমেনে উদ্বোধনৰ পুৰ্বে জল যাতায়াতৰ উন্নয়ন সম্পৰ্কত কৰা ব্ৰহ্মপুত্ৰ আঁচনিৰ কথা ঘোষণা কৰি গুৱাহাটী–মাজুলীৰ বাবে অনা অত্যাধুনিক ৰ'ৰ'  জাহাজে ফেৰীৰ সমস্যা দূৰ কৰিব বুলি কৈছিল। সেই অনুসৰি মাজুলী–নিমাতীঘাটৰ বাবে দুখন, উত্তৰ গুৱাহাটী আৰু ধুবুৰীৰ বাবে এখন নিৰ্ধাৰণ কৰা হৈছিল।

আন্তঃজিলা বন্ধৰ অচিলাৰে চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীত ফেৰীসেৱা। শৰাইঘাটৰ যানজঁট নেওচি চাকৰি হেৰুৱাৰ ভয়ত কৰ্মচাৰীয়ে খোজ লৈছিল। অলপতে কামৰূপ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে জল যাতায়াত সম্পৰ্কত কৰা মন্তব্যত আচলতে মিথ্যাচাৰহে প্ৰমাণিত হৈছিল। ৰ' ৰ' জাহাজ অত্যধিক গতিৰ বাবে পাৰত খুণ্ডা খাই নষ্ট হয়। আমাৰ ইয়াত চপোৱাৰ বাবে সুবিধাজনক নহয় আৰু মেৰামতিৰ বাবে কলিকতালৈ নিয়া বাৰে বাৰে সম্ভৱ নহয়। যাৰ বাবে ৰ'পেক্স অনা বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কৈছিল যে ৰ'পেক্সত কোনো অসুবিধা নাই।

এই ৰ'ৰ' আৰু ৰ'পেক্স ভাৰত চৰকাৰে দিছে এয়া অসম চৰকাৰে ক্ৰয় কৰা নাই বুলিও স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে। তদুপৰি বিশ্ব বেংকৰ অৰ্থ সাহায্যত ষাঠিখন জাহাজ আহি পাব বুলি কয়। কোৰোণাৰ সময়ত ৰে’ল–বিমান চলে, জাহাজ কিয় নচলে বুলি কৰা প্ৰশ্নৰ উত্তৰত পৰিবহন মন্ত্ৰীগৰাকীয়ে কৈছিল – ৰে’ল–বিমানত যাত্ৰীক নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে যিটো জাহাজত কৰিব পৰা নহয়।

বাংলাদেশ ছিটাগঞ্জলৈ ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়ন, গুৱাহাটীত জল টাৰ্মিনেল, বন্দৰ, ব্ৰহ্মপুত্ৰক আন্তঃৰাষ্ট্ৰীয় জল পথৰূপে গঢ়ি তোলা, স্থায়ী ফেৰী ঘাট এই সকলো যেন এিয়া সাঁথৰ। অসমৰ একমাত্ৰ তথা গুৱাহাটীৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰত নাই কোনো নাবিক প্ৰশিক্ষণৰ ব্যৱস্থা। প্ৰয়োজনাধিক কৰ্মীয়ে ফেৰীঘাট নেদেখাকৈয়ে দৰমহা লোৱা বিভাগটোত এশ এবুৰি আসোঁৱাহৰ বাবেই সদায়ে ঘটিব এনে ঘটনা। কেবল দায় সাৰিবৰ বাবে দুই এক বিষয়া–অভিযন্তাক নিলম্বনেৰে বিষয়ৰ গুৰুত্ব পাতল কৰাৰ বাহিৰে যেন একো নতুনত্ব নাই বিভাগটোত।

শেহতীয়া বাতৰি