যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতীঘাটত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ মঙলবাৰে দক্ষিণ আহতগুৰি ভেকেলী চাপৰিত উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই বিক্ৰমজিত বৰুৱাৰ পিতৃৰ আশা তথা মমতাভৰা চাৱনিয়ে বহু কথাই কৈ গ'ল নীৰৱে।
বিক্ৰমজিতৰ অবৰ্তমানত তেনেই উকা যেন হৈ পৰা ঘৰখনত পিতৃয়ে বুকুত অযুত আশা লৈ পদূলিমুখত ৰৈ অপেক্ষা কৰিছে মাথোঁ মৰমৰ বৰপুত্ৰলৈ। কিন্তু নাই, আহিল মাথোঁ সেই দুঃখবৰটো। পুস্পসজ্জিত স্বৰ্গৰথত আহিল মাথোঁ বিক্ৰমৰ নশ্বৰ দেহ।
সন্ধিয়াৰ বেলিকা বিক্ৰমৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত আপোন ঘৰখনলৈ বুলি লৈ অহা হয়। লগেই লগেই কান্দোনৰ ৰোল উঠে। সকলোৱে মাথোঁ কান্দিছে, বৃদ্ধ পিতৃয়েও নীৰৱে উচুপিছে। কাৰণ মাজুলীৰ গড়মূৰস্থিত অসামৰিক চিকিৎসালয়ত কৰ্মৰত বিক্ৰমজিৎ আছিল সকলোৰে প্ৰিয়।
এইগৰাকী সু–চিকিৎসক তথা সামাজিক ব্যক্তিক হেৰুৱাই এগৰাকী আত্মীয়ই ক'লে - মৃত্যু চিৰন্তন সত্য।কিন্তু এনে অসহায় মৃত্যু সহ্য কৰিবলৈ বৰ জটিল।নিমাতীৰ ঘটনাত মৃত্যুক আঁকোৱালি লোৱা বিক্ৰমৰ লগতে তিনিওজনে সহায়ৰ তাড়নাত চটফটাই মৃত্যক সাৱটিলে।
বিক্ৰমজিতৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগেই বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জনাই কয় - বিক্ৰমজিতৰ মৃত্যু যোৰহাটবাসীৰ বাবেই দুৰ্ভাগ্যজনক। ইপিনে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা সন্ধিয়াৰ ভাগত প্ৰয়াত চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে আজি ঘটনা সংঘটিত হোৱাৰ সাত দিনৰ দিনা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাত নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|