• Home
  • »
  • News
  • »
  • assam
  • »
  • ৩ বছৰত দুবাৰ নিলম্বিত IWTৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য, উত্তৰ গুৱাহাটীৰ ঘটনাৰ ধুবুৰীত থকা বিক্ৰমাদিত্য চৌধুৰী নিমাতীৰ ঘটনাৰ সময়ত আছিল ঘৰত

৩ বছৰত দুবাৰ নিলম্বিত IWTৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য, উত্তৰ গুৱাহাটীৰ ঘটনাৰ ধুবুৰীত থকা বিক্ৰমাদিত্য চৌধুৰী নিমাতীৰ ঘটনাৰ সময়ত আছিল ঘৰত

এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।

এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।

এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।

  • Share this:
ব্ৰহ্মপুত্ৰৰ বুকুত কিয় সঘনাই সংঘটিত হয় নাও দুৰ্ঘটনা! উত্তৰ গুৱাহাটীৰ সেই ভয়াৱহ ঘটনা আজিও পাহৰিব পৰা নাই মানুহে। তাৰ তিনি বছৰ পিছত একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল নিমাতীঘাটত। বুধবাৰে বিয়লি সংঘটিত হোৱা নিমাতীঘাটৰ ভয়ংকৰ ঘটনাই আভ্যন্তৰীণ জল পৰিবহন বিভাগটোৰ নিয়ন্ত্ৰণহীনতাৰ ছবিখন পুনৰ উদঙাই দিলে।

২০১৮ চনৰ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা সেই ভয়াৱহ ঘটনাৰ পিছতো শিক্ষা নল’লে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। যাৰ ফলত বিভাগটোৰ দায়িত্বহীনতাৰ বাবেই এক অভিশপ্ত দিনৰ সাক্ষী হ’বলগীয়া হ’ল নিমাতীঘাট।

এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।পৰিবহণ সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব। নিলম্বিত তিনি অভিযন্তাৰ এজন হ’ল কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী। এইগৰাকী বিক্ৰমাদিত্য চৌধুৰী তিনি বছৰ পূৰ্বে উত্তৰ গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতো নিলম্বিত হৈছিল। তিনি বছৰত দুবাৰকৈ নিলম্বিত। উত্তৰ গুৱাহাটীৰ ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উপ–সঞ্চালক আছিল বিক্ৰমাদিত্য চৌধুৰী।

এই দুয়োটা ভয়ংকৰ ঘটনাৰ সময়ত কৰ্তব্যত উপস্থিত নাছিল বিক্ৰমাদিত্য চৌধুৰী। উত্তৰ গুৱাহাটীৰ সেই ঘটনাৰ সময়ত বিক্ৰমাদিত্য চৌধুৰী গৈছিল ধুবুৰীলৈ। আৰু বুধবাৰে নিমাতীঘাটত সংঘটিত দুৰ্ঘটনাৰ সময়ত কাৰ্যবাহী অভিযন্তাজন আহিছিল ভৰলুমুখৰ ঘৰলৈ।

কিন্তু তিনিজন বিষয়াক নিলম্বন কৰিলেই বিভাগ বা চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়। ব্ৰহ্মপুত্ৰৰ বুকুত চৰকাৰে ৰ’ৰ’, ৰ’পেক্স আদি কেইবাখনো জাহাজ চলাচলৰ কথা কৈছিল। মানুহে শুনিলে, কিন্তু আজিলৈ উঠি নাপালে। প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈ থাকিবলৈ নিদি হাতে–কামে কৰাত গুৰুত্ব দিয়া উচিত। আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোত সংস্কাৰ অনাৰ প্ৰয়োজনীয়তা আছে। নহ’লে হয়তো ভৱিষ্যতলৈ পুনৰ এনে ঘটনাৰ সাক্ষী হ’ব লাগিব ৰাজ্যবাসী!
Published by:Sanjay Kumar Das
First published: