মাজুলীৰ ফেৰী দুৰ্ঘটনাত নিহত ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পৰীমিতা দাস এগৰাকী ভাল শিল্পীও আছিল। কলেজত পঢ়ি থকা দিনৰে পৰা বন্ধৰ দিনত পুৰণিগুদাম পাৰঘাটৰ মোমায়েকৰ ঘৰলৈ অহা পৰীমিতা জড়িত হৈ পৰিছিল পুৰণিগুদাম মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে।
২০১৮ চনত পাৰঘাট শংকৰ মন্দিৰত প্ৰদৰ্শিত হোৱা লক্ষীন্দৰ-বেওলা নামৰ নাটখনতো ৰাধিকাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক সন্মোহিত কৰিছিল পৰীমিতাই। নৃত্য-গীত-অভিনয় সকলো দিশতে পাৰ্গত পৰীমিতাৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে পুৰণিগুদামৰ সাংস্কৃতিক মহল। যোৱা ৩ ছেপ্টেম্বৰত শেষবাৰৰ বাবে আহিছিল মোমায়েকৰ পুৰণিগুদামৰ ঘৰখনলৈ। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পুৰণিগুদামৰ কেইবাটাও সাংস্কৃতিক সংগঠনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|