• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Boat Accident: ৩ ছেপ্টেম্বৰত শেষবাৰলৈ আহিছিল মোমায়েকৰ ঘৰলৈ, পৰীমিতাৰ কথা সুঁৱৰি শোকাকুল মোমায়েকৰ গাঁও

Assam Boat Accident: ৩ ছেপ্টেম্বৰত শেষবাৰলৈ আহিছিল মোমায়েকৰ ঘৰলৈ, পৰীমিতাৰ কথা সুঁৱৰি শোকাকুল মোমায়েকৰ গাঁও

পৰীমিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণিগুদামত শোকৰ বন্যা

পৰীমিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণিগুদামত শোকৰ বন্যা

পৰীমিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণিগুদামত শোকৰ বন্যা

  • Share this:

'৩ ছেপ্টেম্বৰত তাই শেষবাৰৰ বাবে ইয়ালৈ আহিছিল। মাকৰ সৈতে মাজুলীলৈ যাবলৈ আহোঁতে ইয়াত সোমাইছিল। বাইদেৱে তাইৰ লগতে গৈছিল মাজুলীলৈ। তাৰ পিছত আৰু তাইক আমি নেদেখিলোঁ। আজি ৪ বাজি ৩০ মিনিটত আমি খবৰটো পালোঁ।' -এইবুলি কৈ শোকত ভাগি পৰিল পৰীমিতাৰ মামীয়েক।


পুৰণিগুদাম বৰপানীগাঁও পাৰঘাটৰ দিব্যজ্যোতি ভূঁঞাৰ ভাগিনীয়েক পৰীমিতা দাসে ইতিমধ্যে মাজুলীৰ ফেৰী দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক সাৱটি লৈছে। পৰীমিতা সন্দৰ্ভত মামীয়েকে কয়, 'পৰীমিতা বৰ ভাল ছোৱালী আছিল। বাইদেউৰ দুয়োজনী ছোৱালীয়ে ভাল। পৰীমিতা সৰুৰে পৰা পঢ়াতো খুউব ভাল আছিল। আজি ৪ মাহমান আগত তাই মাজুলীত চাকৰি পাইছিল। এতিয়া তাইক এৰি আমি কেনেকৈ জীয়াই থাকিম।'


 উল্লেখযোগ্য যে পৰীমিতাৰ পিতৃ আৰু ভনীয়েকৰ সৈতে ইতিমধ্যে যোৰহাটলৈ ৰাওনা হৈছে মোমায়েক দিব্যজ্যোতি ভূঁঞা। পৰীমিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পুৰণিগুদাম বৰপানীগাঁওস্থিত মোমায়েকৰ ঘৰতো শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

Published by:Gautam Barman
First published: