মাজুলীৰ নিমাতীঘাতৰ নাও দুৰ্ঘটনাই কিমানৰ প্ৰাণ কাঢ়ি নিলে তাৰ হিচাপ ওলাবলৈ এতিয়াও বাকী। অতি মৰ্মান্তিক দুৰ্ঘটনাটোত নিজ চকুৰ আগতে জীয়াৰীৰ মৃত্যুদশা দেখি কান্দি উঠিছে এগৰাকী মাতৃ। প্ৰবক্তা জীয়াৰী পৰীমিতাক নাওত উঠাই দি মাতৃয়ে বিদায় দিয়াৰ ক্ষণিক পিছতে ঘটে এই দুৰ্ঘটনা।
জীয়াৰীক পানীৰ বটল দি পাৰলৈ অহা মাতৃয়ে হাত জোকাৰি জীয়াৰীক বিদায় দিয়াৰ পিছতে প্ৰচণ্ড খুন্দা শুনে পৰীমিতাৰ মাতৃয়ে। আৰু এনেদৰে অকণমান সময়ৰ পিছতে চকুৰ সন্মুখত পৰীমিতাক হেৰুৱাই মাতৃয়ে। এই বিদায় যে অন্তিম বিদায় হ'ব সেয়া কেতিয়াও ভবা নাছিল পৰীমিতাৰ মাতৃয়ে।
শোকত স্তব্ধ মাতৃয়ে জানিবলৈ দিয়া মতে, আঠখেলীয়া নামঘৰলৈ জীয়াৰীৰ সৈতে গৈছিল তেওঁ। তাত থকা মাহীয়েকৰ ঘৰত নিশাটো কটোৱাৰ কথা আছিল যদিও পিছদিনা কলেজত ক্লাছ থকা বাবে পৰীমিতাই অকলে উভতি অহাৰ সিদ্ধান্ত লয়।
শোকাকুল মাতৃয়ে এই ঘটনাটোৰ বিষয়ে কয়– নাওত পৰীমিতাক উঠাই দি মই এটা পানীৰ বটল দিওঁ আৰু সোধোঁ– 'অকলে যাব পাৰিবানে?', তাই পাৰিম বুলি কয়। মই পাৰলৈ আহি তাইক জুমি চাওঁ। কিছুসময়ৰ অন্তত নাওখনে যাত্ৰা কৰাৰ পিছতে মই এটা শব্দ শুনো। দেখোঁ নাওখনে এখন ফেৰীত খুন্দা মাৰিছে। মই চিঞৰো, সহায় বিচাৰো।'
পৰীমিতাৰ মাতৃৰ মতে, নদীত প্ৰবল সোঁত থকা অৱস্থাত সিফালৰ পৰা আহি থকা ফেৰীখন ৰোৱালৈ ৰ'ব লাগিছিল। নাওখন এৰি দিব নালাগিছিল। দুৰ্ঘটনাটোৰ কাৰণ তদন্তত ওলাব যদিও এগৰাকী মাতৃৰ চকুৰ সন্মুখতে জীয়াৰীৰ মৃত্যুৰ দৃশ্যই সকলো অসমবাসীকে শোকাকুল কৰি তুলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|