নিমাতীঘাটৰ নাও দূৰ্ঘটনাৰ পিছতে তৎপৰ হৈ পৰা চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত যোৰহাট থানাত ৰুজু হৈছে গোচৰ । এই দুৰ্ঘটনাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে আৰক্ষীকো গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।
পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ কৰ্মচাৰীৰ গাফিলতিৰ কথা স্বীকাৰ কৰি এই দুৰ্ঘটনাৰ বাবে দায়বদ্ধ ৰূপে পৰিগণিত হোৱা বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এই দুৰ্ঘটনাৰ বাবে দায়বদ্ধ হোৱাৰ অভিযোগত শনিবাৰে নিশা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিমাতীঘাটত কৰ্মৰত ছজন কৰ্মচাৰীক দেওবাৰে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে দেওবাৰে প্ৰদীপ বৰবৰা নামৰ শাখা সহায়কগৰাকীকো গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে মাজুলীৰ পৰা মা কমলা নামৰ ফেৰীখনৰ গৰাকীৰ লগতে তিনিজন কৰ্মচাৰীক আটক কৰিছে । মা-কমলা ফেৰীখনৰ গৰাকী গৌতম কলিতাৰ লগতে ফেৰীখনৰ ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত , কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগামক আটক কৰিছে ।
নিমাতীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীকেইজন হৈছে ধনবৰ দাস , যোগেন দত্ত , বিজু কুমাৰ দাস , জয়ন্ত দত্ত , বিনোদ বৰুৱা বাবুল চন্দ্ৰ নেওগ আৰু প্ৰদীপ বৰবৰা । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই লোককেইজন আভ্যন্তৰীণ জল পৰিবহন বিভাগত গুৰিয়াল , ঘাটৰ সহায়ক , খালাচী আৰু মাষ্টাৰৰোল কৰ্মচাৰী ৰূপে কৰ্মৰত । এই সন্দৰ্ভত যোৰহাট থানাত ১৯৩৩/২১ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনে কয় যে এই দুৰ্ঘটনাৰ সৈতে তেওঁলোক জড়িত নহয় । তেওঁলোকে কেৱল ওপৰৰ বিষয়াসকলৰ নিৰ্দেশ মানি কাম কৰি গৈছে । আনহাতে এটা ইঞ্জিন চালিত নাওসমূহেৰে যাত্ৰীক পাৰাপাৰ কৰোৱাটো চৰকাৰে নিষিদ্ধ কৰি থোৱা বুলি উল্লেখ কৰিছে । এতিয়া সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে যে চৰকাৰী নিষেধাজ্ঞাৰ পিছতো এই নাওসমূহ কেনেকৈ চলি আছিল । ইয়াৰ সৈতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া জড়িত থকাৰো অভিযোগ উঠিছে । তদন্ত আগবঢ়াৰ লগে লগে এনে একাংশ বিষয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । আনহাতে ফেৰীৰ অভিজ্ঞ গুৰিয়ালক আঁতৰাই কম খৰচত অনভিজ্ঞ লোকক ফেৰী চলোৱাৰ দায়িত্ব দিয়া বুলিও বৰ্তমান চৰ্চা চলিছে । মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়েও এই সম্ভাৱনা ব্যক্ত কৰিছিল । আৰক্ষী সূত্ৰে জানিব পৰা মতে দুৰ্ঘটনাৰ বাবে দায়বদ্ধ বুলি প্ৰমাণ হোৱা লোকসকলক গ্ৰেপ্তাৰ কৰা হ'ব ।
" আমি সমগ্ৰ বিষয়টোৰ তদন্ত চলাই আছো । বিভিন্ন লোকৰ ভাষ্যৰ ভিত্তিত এইসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকক সোধপোচ কৰাৰ অন্তত এই দুৰ্ঘটনাৰ অন্তৰালৰ কাৰণসমূহ অধিক স্পষ্ট হ'ব । ", এই ঘটনাৰ তদন্তৰ তদাৰক কৰি থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে এনেদৰে কয় ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 12, 2021, 21:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।