নিমাতিঘাটত যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনা সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অচিৰেই এই দুৰ্ঘটনাৰ বাবে দায়বদ্ধ বুলি প্ৰমাণিত হোৱা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
৭২ গৰাকী বিষয়া-কৰ্মচাৰী যোৰহাটৰ নিমাতী ঘাটত নিয়োজিত হৈ থকাৰ পিছতো কেনেদৰে এই দুৰ্ঘটনা হ'বলৈ পালে বৰ্তমান সেই প্ৰশ্নই মন্ত্ৰীগৰাকীৰ লগতে বিভিন্ন লোকক জোকাৰি গৈছে । ইতিমধ্যে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে । দুৰ্ঘটনাৰ সময়ত কৰ্তব্যত থকা বিষয়া-কৰ্মচাৰীৰ তালিকা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে । কাৰণ মাজুলীৰ পৰা আহি থকা ফেৰীখন ঘাটত নলগাকৈ নিমাতী ঘাটৰ পৰা যাব লগা ফেৰীখনত কেনেকৈ যাত্ৰী উঠাই চলাই নিছিল সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে মন্ত্ৰীগৰাকীয়ে । এটা ইঞ্জিন চালিত নাৱৰ চলাচল চৰকাৰে বন্ধ কৰি থোৱাৰ পিছতো কেনেদৰে এই নাওসমূহ চলি আছিল সেই প্ৰশ্নৰ উত্তৰো তদন্ত প্ৰতিবেদনত স্পষ্ট হ'ব । আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়েও নিজস্ব সূত্ৰৰ আধাৰত সংগ্ৰহ কৰিছে বিভাগটোত চলি অহা বহু অনিয়মৰ কথা । একাংশ ব্যক্তিগত ফেৰীত খৰচ বচাবলৈ অনভিজ্ঞ চালক আৰু গুৰিয়াল নিয়োগ কৰাৰ কথাও চৰ্চালৈ আহিছে ।
জনসাধাৰণৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে চৰকাৰৰ তদন্তক লৈ । কাৰণ ইয়াৰ পূৰ্বেও ২০২১ চনৰ এপ্ৰিল মাহত ধুবুৰীৰ মেদেৰটাৰীত সংঘটিত ফেৰী দুৰ্ঘটনা আৰু ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত অনুৰূপ ধৰণে তদন্ত হৈছিল যদিও তদন্ত প্ৰতিবেদনৰ ভিত্তিত যাত্ৰীৰ সুৰক্ষাৰ বাবে বাস্তৱত কোনো ব্যৱস্থাই হাতত নললে । সেই সময়ত দুৰ্ঘটনাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত জল পৰিবহণ সেৱাৰ আন্ত:গাঠনি উন্নয়ন কৰাৰ বাবে বহুকেইটা ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণাসমূহ আজিও সঠিকভাৱে ৰূপায়িত নহ'ল । ইয়াৰ পিছত যোৰহাটৰ নিমাতীঘাটত পুনৰ সংঘটিত হ'ল নাও দুৰ্ঘটনা । ইয়াৰ দ্বাৰাই স্পষ্ট হৈছে ৰাজ্যৰ জল পৰিবহণ বিভাগটোত চলি থকা চৰম অৰাজকতা । ইতিমধ্যে যোৰহাটৰ দুৰ্ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে ৭ গৰাকী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে । কিন্তু এই বিভাগটোক চৰম অৰাজকতাৰ মাজলৈ ঠেলি দি জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলি অহা বিষয়াসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'বনে নাই বৰ্তমান ৰাইজৰ মাজত সৃষ্টি হোৱা এইটো এটা ডাঙৰ প্ৰশ্ন ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 13, 2021, 00:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।