ইয়াৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সাতগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সাতগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
নিমাতীঘাটৰ নাও দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১২জনলৈ। ‘মা কমলা’ নামৰ দুৰ্ঘটনাত ডুব যোৱা ফেৰীখনৰ গৰাকী পানীৰাম কলিতাক আৰক্ষীয়ে সোমবাৰে বিয়লি গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে আটক কৰা উক্ত ফেৰীখনৰ তিনিজন কৰ্মচাৰী তথা পানীৰাম কলিতাৰ পুত্ৰ গৌতম কলিতাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফেৰীখনৰ বাকী কৰ্মচাৰীসকল হ’ল ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগাম। আদালতে এই চাৰিগৰাকী লোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
আনহাতে, ইয়াৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সাতগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আদালতে গ্ৰেপ্তাৰ হোৱা এইসকল কৰ্মচাৰীক ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে।
ইতিমধ্যে এই দুৰ্ঘটনাৰ ক্ষেত্ৰত গাফিলতি প্ৰদৰ্শন কৰা লোকসকলক শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল খোদ বিভাগীয় মন্ত্ৰীগৰাকীয়ে। গতিকে বৰ্তমান জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে যে বিভাগটোত একপ্ৰকাৰে অৰাজকতা চলাই অহা বিষয়াসকল তদন্তৰ আওতালৈ আহিবনে নাই!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|