মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ বৈঠক। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’ব নে বাতিল কৰা হ’ব তাকে লৈ আলোচনা কৰা হয় এই বৈঠকত।
জুলাই মাহত নহয়, আ
গষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা স্বাস্থ্য বিভাগৰ। 880টা চেণ্টাৰ ছেবাই নিৰ্ধাৰণ কৰিছে। প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হ’ব।বৈঠকত তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে আছুৱে।
আন ৰাজ্যৰ নিচিনা পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মাৰ্কিঙৰ কোনো পদ্ধতি নাই ছেবাৰ আৰু শিক্ষা সংসদৰ। সেইকাৰণে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা।
বৈঠকত নিখিল বড়ো ছাত্ৰ সন্থাই কয়, ‘‘৫ ছেপ্টেম্বৰৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডৰী পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিব লাগিব।
পৰীক্ষা বাতিল কৰাৰ কোনো উপায় নাই,পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।’’কোভিডৰ সকলো নীতি–নিৰ্দেশনা মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিষয় কমাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰি তিনিদিনত শেষ কৰাৰ কথা কোৱা হৈছে। যিটো বিষয়ত সৰ্বাধিক নম্বৰ পাই, তাৰ লাভ হিচাপে আন তিনিটা বিষয়ত মাৰ্কিং কৰাৰ পোষকতা। ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ৫ ছেপ্টেম্বৰৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান নিখিল বড়ো ছাত্র সন্থাৰ। বিশেষ এছ অ’ পি প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ নিখিল বড়ো ছাত্ৰ সন্থাৰ। ছাত্ৰ–ছাত্ৰীয়ে তিনিটা বিষয়ত ১০০ নম্বৰকৈ পৰীক্ষা দিয়াৰ পোষকতা এবছুৰ।
আনহাতে, পৰীক্ষা নপতাকৈ ছাত্ৰ–ছাত্ৰীক উত্তীৰ্ণ কৰিব পৰা নাযাব, গতিকে পৰীক্ষা পাতিবই লাগিব বুলি মন্তব্য কৰে আছুৱে। ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘নিজ ইচ্চা অনুসৰি তিনিটা বিষয় ল’ব পৰাকৈ পৰামৰ্শ দিয়া হৈছে।
যিটো বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিব সেয়া পৰীক্ষা নিদিয়া বিষয়সমূহৰ নম্বাৰ হিচাপে গণ্য কৰা হ’ব, সেই সূত্ৰটোৱে উচিত সূত্ৰ।’’
পৰীক্ষা হ’বই, তাৰ কোনো বিকল্প ব্যৱস্থা নাই। উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনেকৈ অনুষ্ঠিত হ’ব এই বিষয়ে একো জনোৱা নাই। দুই এদিনতে আছু আৰু এবছুৰ সৈতে বৈঠকত বহিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।
বৈঠকৰ অন্তত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, ‘‘
আমি পৰীক্ষা পতাৰ পক্ষত, ৰুটিন মতে নহয়। সংকুচিত বিষয়ত পৰীক্ষা অনুষ্ঠিত হ’ব, গোটেই নম্বৰৰ পৰীক্ষা নহ’ব। জুলাইত অনুষ্ঠিত নহয় পৰীক্ষা। ১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ আগে আগে SOP প্ৰস্তুত কৰা হ’ব।
পৰীক্ষাৰ লগত জড়িত ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তিক দিয়া হব ভেকচিন,পৰীক্ষাৰ লগত জড়িত সকলো ড্ৰাইভাৰ,হেণ্ডিমেন,শিক্ষক-শিক্ষয়ত্ৰী বা কোনো ছাত্ৰ-ছাত্ৰী ১৮ বছৰৰ ওপৰৰ হলে ভেকচিন দিয়া হব
জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল শিক্ষামন্ত্ৰীকে ধৰি আছু, এবছু, সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু ছেবা–সংসদৰ সচিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 08, 2021, 15:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।