உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Board Exams : মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল হ’লে কি হ’ব বিকল্প ব্যৱস্থা! এক বিশেষ ব্যৱস্থাৰ কথা ক’লে SEBAৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে

    Assam Board Exams : মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল হ’লে কি হ’ব বিকল্প ব্যৱস্থা! এক বিশেষ ব্যৱস্থাৰ কথা ক’লে SEBAৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে

    পৰীক্ষা অনুষ্ঠিত কৰাত দেখা দিয়া চৰম অনিশ্চয়তাৰ মাজতে ছেবাৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে আগবঢ়াইছে এই বিশেষ পৰামৰ্শ।

    পৰীক্ষা অনুষ্ঠিত কৰাত দেখা দিয়া চৰম অনিশ্চয়তাৰ মাজতে ছেবাৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে আগবঢ়াইছে এই বিশেষ পৰামৰ্শ।

    পৰীক্ষা অনুষ্ঠিত কৰাত দেখা দিয়া চৰম অনিশ্চয়তাৰ মাজতে ছেবাৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে আগবঢ়াইছে এই বিশেষ পৰামৰ্শ।

    • Share this:
    অসমত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’বনে নাই তাক লৈ চৰকাৰে বৰ্তমানলৈকে কোনো স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। ফলত অধিক উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল। কোভিড–১৯ পৰিস্থিতিৰ বাবে পৰীক্ষা যদিহে বাতিল হয়, তেন্তে বিকল্প ব্যৱস্থা কি হ’ব বৰ্তমান তাক লৈ চিন্তাত পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। এই সন্দৰ্ভত ল’ব পৰা এক বিশেষ ব্যৱস্থাৰ বিষয়ে মন্তব্য আগবঢ়াইছে ছেবাৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে।

    কোভিড–১৯ পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাত দেখা দিয়া চৰম অনিশ্চয়তাৰ মাজতে ছেবাৰ পূৰ্বৰ সচিব কমলজ্যোতি গগৈয়ে আগবঢ়াইছে এই বিশেষ পৰামৰ্শ। পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা অতি কম হোৱালৈ লক্ষ্য ৰাখি ছেবাৰ পূৰ্বৰ সচিবগৰাকীয়ে তিনিটা বিষয়ৰ ওপৰত পৰীক্ষাৰ্থীসকলক "হোমবেছ এছাইনমেণ্ট" দি তাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পৰীক্ষা পতাৰ পৰামৰ্শ আগবঢ়াইছে। আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্বৰ প্ৰেক্টিকেল পৰীক্ষাৰ নম্বৰসমূহ বিদ্যালয়সমূহত যিহেতু মজুত আছেই গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি জিলাসমূহৰ শিক্ষা বিষয়া আৰু শিক্ষকসকলে সততা আৰু নিষ্ঠাৰে এই মূল্যায়ন ব্যৱস্থা বাস্তৱায়িত কৰিলে অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক এই দুয়োটা পৰীক্ষাৰ ফলাফল প্ৰদান কৰিব পৰা যাব বুলি মত ব্যক্ত কৰিছে কমলজ্যোতি গগৈয়ে। আনহাতে ছত্তীশগড় আৰু হাৰিয়ানাই কোভিড–১৯ পৰিস্থিতিৰ সময়ত এনেদৰে বিশেষ পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ ব্যৱস্থা কৰি ইতিমধ্যে উদাহৰণ দাঙি ধৰিছে বুলি মত ব্যক্ত কৰে ছেবাৰ পূৰ্বৰ সচিবগৰাকীয়ে।

    "এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত। হাইস্কুল বা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰেক্টিকেলৰ মাৰ্কছসমূহ ইতিমধ্যে আমাৰ ওচৰত আছে। আমি মাত্ৰ তিনিটামান বিষয়ৰ বিশেষ প্ৰশ্নকাকত কাটি ঘৰত কৰিবলৈ দিয়া "হোমবেছ এছাইনমেণ্ট"ৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰি মূল্যায়নৰ ব্যৱস্থা কৰিব পাৰো। এই এছাইনমেণ্টসমূহ জটিল হয়। শিক্ষকসকলে সততা আৰু পৱিত্ৰতাৰে এই ব্যৱস্থাৰে মূল্যায়ন কৰিলে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাৰ্কশ্বিট প্ৰস্তুত কৰিবলৈ সক্ষম হ’ম। ইতিমধ্যে ছত্তীশগড়ত এই ব্যৱস্থাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে। আনহাতে চিবিএছইয়ে যদিহে এই মহামাৰীৰ সময়ত বিশেষ ব্যৱস্থাৰে ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িব পাৰে আমাৰ বৰ্ডসমূহেও নিশ্চয় পাৰিব।" ছেবাৰ ভূতপূৰ্ব সচিব কমলজ্যোতি গগৈয়ে এনেদৰে কয়।
    Published by:Sanjay Kumar Das
    First published: