মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Board Exams: কি সিদ্ধান্ত হ’ব মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ? ১১ বজাত বৈঠক

Assam Board Exams: কি সিদ্ধান্ত হ’ব মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ? ১১ বজাত বৈঠক

বুদ্ধিজীৱী সংগঠন, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, ব'ৰ্ডৰ সৈতে মঙলবাৰে দিনৰ ১১ বজাত জনতা ভৱনত বৈঠকত বহিব শিক্ষামন্ত্ৰী।

বুদ্ধিজীৱী সংগঠন, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, ব'ৰ্ডৰ সৈতে মঙলবাৰে দিনৰ ১১ বজাত জনতা ভৱনত বৈঠকত বহিব শিক্ষামন্ত্ৰী।

  • Share this:
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ কি সিদ্ধান্ত হ’ব? এই সন্দৰ্ভত আজি কেই‍াটাও বিভাগৰে বৈঠকত বহিব শিক্ষা মন্ত্ৰী। চূড়ান্ত হ'ব মেট্ৰিক আৰু H.S পৰীক্ষাৰ SOP। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ সম্ভাৱনা আছে।

বুদ্ধিজীৱী সংগঠন, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, ব'ৰ্ডৰ সৈতে মঙলবাৰে দিনৰ ১১ বজাত জনতা ভৱনত বৈঠকত বহিব শিক্ষামন্ত্ৰী। এই বৈঠকতে গ্ৰহণ কৰা হ’ব পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ইপিনে, ছাত্ৰ সংগঠন NSUIকে ধৰি একাংশই টুইটাৰত এক মিলিয়নৰো অধিক টুইটেৰে চৰকাৰৰ পৰীক্ষা বাতিল কৰাৰ বাবে দাবী জনাইছিল। বহুতেই চৰকাৰৰ শীঘ্ৰেই পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত প্ৰকাশ কৰাৰ বাবেও  অনুৰোধ জনাইছিল। তেনে সময়তে চৰকাৰে লৈছে এই পদক্ষেপ।

শেহতীয়া বাতৰি