যোৱা ৫ জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতৃত্বাধীন চৰণজিৎ সিং চান্নি চৰকাৰে নিকৃষ্ট পন্থা অৱলম্বন কৰি প্ৰধানমন্ত্ৰীগৰাকীক যাৱতীয় সুৰক্ষা প্ৰদান নকৰি চূড়ান্ত গাফিলতি কৰা বুলি অভিযোগ আনি এই ঘটনাক ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই তীব্ৰ নিন্দা কৰে ।
গুৱাহাটী ক্লাৱত বিজেপি যুৱ মৰ্চাৰ গুৱাহাটী ক্লাৱত মহানগৰ জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এইদৰে কয় বিজেপিৰ অসম প্ৰদেশ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই।
"পঞ্জাৱ চৰকাৰ হুচিয়াৰ হওক ৷ এনে গাফিলতি যুৱ মৰ্চাই সহ্য নকৰে ৷ ইমান নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় কংগ্ৰেছেহে ল'ব পাৰে ৷ সকীয়াই দিছো কংগ্ৰেছক, পৰৱৰ্তী সময়ত এনে কৰিলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব কংগ্ৰেছ ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোনো এটা দলৰ প্ৰধানমন্ত্ৰী নহয় , সমগ্ৰ দেশবাসীৰে প্ৰধানমন্ত্ৰী । যোৱাকালি পঞ্জাৱৰ চৰকাৰখনে তেওঁলোকৰ হতাশাগ্ৰস্থতাকে প্ৰমাণ কৰে ৷"- এনেদৰে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে।
ইফালে, মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাইও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ঘটনাটোক লৈ ৷-"এয়া কংগ্ৰেছৰ সমগ্ৰ দেশক অপমান ৷ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত গাফিলতি মানে দেশৰ সুৰক্ষাৰ প্ৰতি গাফিলতি ৷ ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব কংগ্ৰেছে ৷ ৰাজ্যখনৰ গৃহ বিভাগে প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰাটো নৈতিক দায়িত্ব আৰু কৰ্তব্য আছিল ৷"
উল্লেখযোগ্য যে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসমৰ ৪০খন সাংগঠনিক জিলাৰ সদৰত পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটী মহানগৰ জিলাইয়ো গুৱাহাটী ক্লাৱত শতাধিক কাৰ্যকৰ্তাই পঞ্জাৱৰ মুখ্যমন্ত্ৰী মুৰ্দাবাদ , চৰণজিৎ সিং মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|