உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হেঙেৰাবাৰীৰ ঠিকনা এৰি বশিষ্ঠলৈ যাব বিজেপি, তাৰিখ নিৰ্ধাৰণ কৰিলে অসম প্ৰদেশ বিজেপিয়ে

    হেঙেৰাবাৰীৰ ঠিকনা এৰি বশিষ্ঠলৈ যাব বিজেপি, তাৰিখ নিৰ্ধাৰণ কৰিলে অসম প্ৰদেশ বিজেপিয়ে

    মাজত মাথোঁ তিনিটা মাহ ৷ তিনি মাহৰ পিছত হেঙেৰাবাৰী এৰি বশিষ্ঠত গৃহ প্ৰৱেশ ঘটিব অসম প্ৰদেশ বিজেপিৰ ৷

    মাজত মাথোঁ তিনিটা মাহ ৷ তিনি মাহৰ পিছত হেঙেৰাবাৰী এৰি বশিষ্ঠত গৃহ প্ৰৱেশ ঘটিব অসম প্ৰদেশ বিজেপিৰ ৷

    মাজত মাথোঁ তিনিটা মাহ ৷ তিনি মাহৰ পিছত হেঙেৰাবাৰী এৰি বশিষ্ঠত গৃহ প্ৰৱেশ ঘটিব অসম প্ৰদেশ বিজেপিৰ ৷

    • Share this:
    ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় (BJP's new state office), লগতে ১২খন জিলাৰ কাৰ্যালয় সম্পূৰ্ণ হৈ উঠিছে৷ শীঘ্ৰেই অসমৰ প্ৰতিখন ৰাজহ জিলাত বিজেপিয়ে নিৰ্মাণ কৰিব জিলা কাৰ্যালয়, যাৰ বাবে বশিষ্ঠ (Bashishta)ত যুদ্ধকালীন ব্যস্ততা নিৰ্মাণৰত বনুৱাৰ ৷

    হেঙেৰাবাৰীত ৰাজ্যিক কাৰ্যালয় থকাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰী-বিধায়ক কাৰ্যালয়লৈ গ'লে যান-জঁটৰ ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী ৷ এই কথা খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মাছখোৱা ITA প্ৰকল্পত ভাষণত উল্লেখ কৰিছিল ৷

    পিছে সেই দুৰ্ভোগৰ পৰা মুক্ত হ'ব হেঙেৰাবাৰীবাসী ৷ ৬ এপ্ৰিলত মুকলি হ'ব নিৰ্মীয়মাণ এই আটকধুনীয়া বিশাল বাজপেয়ী ভৱন (Vajpayee Bhawan) ৷ এই সকলো কথা বিৱৰি ক'লে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই ৷  বিজেপিয়ে ইয়াৰ লগতে ১৭খন জিলাত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা জিলা কাৰ্যালয় সমূহৰ ভিতৰত ১২খন জিলাত সম্পূৰ্ণ হ'ল জিলা কাৰ্যালয় নিৰ্মাণৰ কাম ৷ বাকী থকা ৫খন জিলাৰো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব এপ্ৰিলৰ ভিতৰত ৷

    আনহাতে, বাকী থকা আন ১৭খন ৰাজহ জিলাতো বিজেপিয়ে শীঘ্ৰেই আৰম্ভ কৰিব জিলা কাৰ্যালয় নিৰ্মাণৰ কাম ৷ এই কথাও সদৰী কৰিলে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই ৷

    উল্লেখ্য, বিজেপিয়ে কাৰ্যালয় নিৰ্মাণৰ লগে লগে আত্মনিৰ্ভৰ বিজেপি গঢ় দিবৰ বাবে সংগ্ৰহ কৰিব বৃহৎ পৰিমাণৰ পুঁজি ৷ জানুৱাৰী মাহৰ পৰা বিজেপিয়ে নিজ কাৰ্যকৰ্তাৰ পৰা কুপনযোগে সংগ্ৰহ কৰিব পুঁজি ৷ চান্দা সংগ্ৰহ কৰিব নোৱাৰিব নেতৃত্বই, নিজ ইচ্ছাৰে কাৰ্যকৰ্তাই কুপনৰ বিপৰীতে আগবঢ়াব পাৰিব বৰঙণি এই কথাও জনালে ৰাজকুমাৰ শৰ্মাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: