মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰসংগ গৰুখুঁটিৰ ঘটনাঃ অসমত বৰষুণ, পাকিস্তানত ছাতি মেলিছে ইমৰান খান চৰকাৰে 

প্ৰসংগ গৰুখুঁটিৰ ঘটনাঃ অসমত বৰষুণ, পাকিস্তানত ছাতি মেলিছে ইমৰান খান চৰকাৰে 

News18 Assam | News18-Assam
Updated:September 25, 2021, 5:52 PM IST
প্ৰসংগ গৰুখুঁটিৰ ঘটনাঃ অসমত বৰষুণ, পাকিস্তানত ছাতি মেলিছে ইমৰান খান চৰকাৰে 
PFIক নিষিদ্ধ কৰিবলৈ অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰক আৰ্জি

PFIক নিষিদ্ধ কৰিবলৈ অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰক আৰ্জি

  • News18 Assam
  • Last Updated: September 25, 2021, 5:52 PM IST
  • Share this:

বৃহস্পতিবাৰে গৰুখুঁটিৰ ধলপুৰত চলোৱা উচ্ছেদৰ সময়ত হোৱা বিক্ষিপ্ত ঘটনা PFIৰ ডিজাইন বুলি অভিহিত কৰিছিল বিজেপি নেতা দিলীপ শইকীয়াই ৷ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ধলপুৰ কাণ্ডত পিএফআই জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিলে ৷ একে সন্দেহ প্ৰকাশ বিজেপি নেতা মমিনুল আৱালৰো ৷


সঁচাকৈয়ে ধলপুৰ কাণ্ড PFIৰ ডিজাইন নেকি?  আন্তঃৰাষ্ট্ৰীয় শক্তিৰ উচটনিত চলিছিল নেকি আক্ৰমণ? বিজেপিয়ে এই বিষয়টোক লৈ কাঠগড়াত থিয় কৰাইছে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক ৷ বাৰম্বাৰ ধলপুৰ কাণ্ডৰ সৈতে সাঙুৰিছে পিএফআইৰ নাম ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি ধলপুৰত সংঘটিত ঘটনা PFIৰ ডিজাইন বুলি কোৱাৰ পিছত শনিবাৰে মুখ্যমন্ত্ৰীৰ মুখতো শুনা গ'ল PFIৰ নাম।


"পি এফ আইৰ লোকক ঘটনাৰ দিনটোত তাত প্ৰত্যক্ষ কৰা হৈছিল ৷ উচ্ছেদিত লোকক আহাৰ বিলাবলৈ গৈছিল PFIৰ লোক ৷ পি এফ আই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত থকা বুলি সন্দেহ হৈছে ৷ ইয়াৰ পূৰ্বে 'কা' আন্দোলনত তেওঁলোক জড়িত থকাৰ প্ৰমাণ পোৱাত সভাপতিজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আমি পি এফ আইক সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আৰ্জি দিছোঁ ৷" —মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ইয়াৰ পূৰ্বে PFIৰ নাম সাঙোৰ খাইছিল 'কা' আন্দোলনৰ সময়ত ৷ অভিযান চলিছিল PFIৰ হাতীগাঁওস্থিত কাৰ্যালয়ত ৷



এইবাৰ পুনৰ ছিপাঝাৰৰ ধলপুৰত হোৱা ঘটনাক লৈ PFIৰ নাম লৈছে বিজেপিৰ ইজনৰ পিছত সিজনে ৷ বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে পাকিস্তানৰ হস্তক্ষেপে ৷


ভাৰতৰ চিৰবৈৰী পাকিস্তানে উৎসুকতা প্ৰদৰ্শন কৰাক লৈ বিজেপি নেতা মমিনুল আৱালে ক'লে- "ধলপুৰ কাণ্ড PFI বা মৌলবাদী সংগঠনৰ উচটনিতে হ'ব লাগিব ৷ অন্যথা অসমৰ বিষয় এটাক লৈ পাকিস্তানে মূৰ ঘমাইছে কিয়? অকল ইমানেই নহয় আমচাঙত খিলঞ্জীয়া মানুহৰ ওপৰতো উচ্ছেদ বিজেপি চৰকাৰে চলাওঁতে কংগ্ৰেছ, AIUDF, PFI, আমছু আদিয়ে আমচাঙত ধৰ্মীয় ৰহণ সনা নাছিল, কিন্তু এতিয়া কিয় ৰহণ সানিছে ধলপুৰত? আমচাঙৰ মানুহ খিনি আমাৰ ভূমিপুত্ৰ হোৱাৰ বাবেই তেতিয়া লগ নিদিলে, নক'লে ধৰ্মীয় মেৰুকৰণৰ কথা ৷ এতিয়া সন্দেহযুক্ত লোকৰ বেদখল উচ্ছেদ কৰিবলৈ যাওঁতে সকলোৰে মাত ওলাইছে ৷ বেদখল মানে বেদখলেই ৷ যিদৰে চোৰ–ডকাইতৰ ধৰ্ম নাথাকে, তেনেদৰে বেদখলকাৰীৰো ধৰ্ম নাথাকে ৷"

Published by: Gautam Barman
First published: September 25, 2021, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি