ৰাজু বৰুৱা: বিগত লোকসভা নিৰ্বাচনত অসম বিধানসভাৰ চাৰিগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এতিয়া চাৰিটা বিধানসভা সমষ্টিত হ'ব উপ–নিৰ্বাচন ৷ নিজৰ দখলত থকা তিনিটা সমষ্টিৰ উপৰিও জনিয়া সমষ্টিত জয়লাভ কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে ৷ ইখনৰ পিছত সিখন নিৰ্বাচনী সমিতি গঠন কৰি উপ নিৰ্বাচনলৈ সাজু হৈছে গেৰুৱা দল বিজেপি ৷ ৰাজ্যৰ চাৰিটাকৈ সমষ্টিত হ'ব লগীয়া উপ-নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে গেৰুৱা দল বিজেপি ৷ প্ৰতিটো সমষ্টিৰ বাবে ইতিমধ্যে দলটোৱে গঠন কৰিছে নিৰ্বাচনী উপ–সমিতি ৷ সোণাৰী সমষ্টিত বিধায়ক যোগেন মহনক আহ্বায়ক হিচাপে লৈ ১১জনীয়া উপ-সমিতি গঠন কৰিছে দলটোৱে ৷ জনিয়া সমষ্টিত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানক আহ্বায়ক হিচাপে লৈ ১১জনীয়া উপ-়সমিতি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে। ঠিক একেদৰে বিধায়ক পদ্ম হাজৰিকাক আহ্বায়ক হিচাপেলৈ ৰঙাপাৰা সমষ্টিত ১৬জনীয়া উপ-সমিতি গঠন কৰা হৈছে।

প্ৰতিটো সমষ্টিৰ বাবে ইতিমধ্যে সাতৰ পৰা দহজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰাৰ বিপৰীতে জনিয়াত আবেদনকাৰীৰ সংখ্যা অধিক ৷ ৩৪জন প্ৰাৰ্থীয়ে জনিয়াত টিকট বিচাৰি আবেদন কৰিছে ৷ কোন সমষ্টিত কোনে পাব টিকট? তপন কুমাৰ গগৈ,পল্লৱ লোচন দাস, কৃপানাথ মাল্লাৰ উত্তৰসুৰী হ'ব কোন? সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দয়ানন্দ বুঢ়াগোঁহাই,নৱনিতা সন্দিকৈ নিৰ্বাচনী উপ-সমিতিত থকা হেতু টিকট লাভৰ আশা ক্ষীণ ৷ যাৰ বাবে সমষ্টিটোত টিকট পোৱাৰ সম্ভাৱনা ৰঞ্জিৎ বৰুৱা, লক্ষ্য কোঁৱৰ, ধৰ্মেশ্বৰ কোঁৱৰৰ ভিতৰত এজনৰ ৷

ইফালে ৰঙাপাৰা সমষ্টিত টিকট লাভ কৰাৰ প্ৰৱল সম্ভাৱনা তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ ৷ কাৰণ সমষ্টিটোৰ বাবে গঠন কৰা উপ-সমিতিত অন্তৰ্ভূক্ত দিগন্ত ঘাটোৱাৰ,বাতাচ ওৰাং,ঋতুবৰণ শৰ্মা ৷ ঠিক একেদৰে ৰাতাবাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰেশ ৰয়,বিজয় মালাকাৰ,মুন স্বৰ্ণকাৰ উপ-সমিতিত ,ফলত সমষ্টিটোত টিকট লাভ কৰিব পাৰে অমিত মাল্লা,ঋষিকেশ দাস অথবা দিব্যেন্দুনাথ দাসে ৷
কংগ্ৰেছৰ দখলত থকা জনিয়া সমষ্টিত ৩৪ জনে আবেদন জনাইছে টিকটৰ বাবে ৷ সমষ্টিটোত টিকট লাভ কৰিব পাৰে বুলি চৰ্চা লাভ কৰিছে ছহিদুল ইছলাম অথবা আব্দুৰ চামাদে ৷ অৱশ্যে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানেও টিকট বিচাৰিছে জনীয়া সমষ্টিত ৷ যি সময়ত কংগ্ৰেছত খহনীয়া চলিছে সেইসময়তে ব্যাপক তৎপৰতাৰে নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 19, 2019, 19:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।