দামী শিল্পীয়ে দিবই লাগিব GST, শিল্পীয়ে দিবলগা কৰ উল্লেখ কৰিলে জয়ন্ত মল্ল–পৱিত্ৰ মাৰ্ঘেৰিটাই

News18 Assam | News18-Assam
Updated:January 11, 2020, 4:34 PM IST
দামী শিল্পীয়ে দিবই লাগিব GST, শিল্পীয়ে দিবলগা কৰ উল্লেখ কৰিলে জয়ন্ত মল্ল–পৱিত্ৰ মাৰ্ঘেৰিটাই
ক্লাছিকেল, লোকশিল্পীয়ে দিব নালাগে GST। ঢোল–পেঁপা বজোৱা শিল্পীয়েও দিব নালাগে GST। বিহু উদযাপন সমিতিয়েও GST দিব নালাগে।

ক্লাছিকেল, লোকশিল্পীয়ে দিব নালাগে GST। ঢোল–পেঁপা বজোৱা শিল্পীয়েও দিব নালাগে GST। বিহু উদযাপন সমিতিয়েও GST দিব নালাগে।

  • Share this:
শিল্পীৰ সংগীতানুষ্ঠানত GSTৰ প্ৰসংগক লৈ আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত এক সংবাদমেলৰ আয়োজন কৰে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই। সংবাদমেলত বিজেপি নেতৃত্বই কয় যে শিল্পীৰ সংগীতানুষ্ঠানত GST প্ৰসংগত অপপ্ৰচাৰ চলাইছে একাংশই। বিহুত ঢোল বজোৱা শিল্পীসকলে GST দিব লাগিব বুলি যি প্ৰচাৰ চলাইছে সেয়া মিছা কথা।

ক্লাছিকেল, লোকশিল্পীয়ে দিব নালাগে GST। ঢোল–পেঁপা বজোৱা শিল্পীয়েও দিব নালাগে GST। বিহু উদযাপন সমিতিয়েও GST দিব নালাগে। এখন সংগীতানুষ্ঠানত ডেৰ লাখ টকাৰ অধিক আয় হলে GST দিব লাগিব। বছৰি ২০ৰ পৰা ৫০ লাখ টকালৈ আয় কৰা সকলে ৬% আৰু ৫০ লাখ টকাৰ ওপৰত আয় হলে ১৮% GST দিব লাগিব। এতিয়ালৈ কোনো বিহু উদযাপন সমিতিলৈ জাননী প্ৰেৰণ কৰা হোৱা নাই।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি