உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আন্দোলন কৰি গঠন কৰা ৭০টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে, ৰঙিয়াত ক’লে ৰণজিত দাসে

    আন্দোলন কৰি গঠন কৰা ৭০টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে, ৰঙিয়াত ক’লে ৰণজিত দাসে

    ‘‘বিজেপি সাগৰৰ পানীৰ দৰে, ৭০টা সংগঠনৰ দল সাগৰৰ ঢৌৰ দৰে। সাগৰৰ ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক।’’ – ক’লে ৰণজিত দাসে।

    • Share this:
      ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক কটাক্ষ কৰি আজি ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে কয় যে আন্দোলন কৰি গঠন কৰা ৭০টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে।

      নতুন ৰাজনৈতিক দলক কটাক্ষ কৰি সভাপতি ৰঞ্জিত দাসে কয় যে অসমত বিজেপিয়েহে জাতীয়তাবাদৰ কাম কৰিছে। সত্ৰৰ ভূমি বেদখলমুক্ত, ভূমিপুত্ৰক ভূমিৰ পট্টা দিয়া আদিকে ধৰি জাতি–মাটি–ভেটিৰ হকে কাম কৰিছে বিজেপিয়ে। বিজেপি দলৰ ৪২ লাখ কৰ্মকৰ্তা আছে, ২৮ হাজাৰটা সংগঠন আছে। আন্দোলন কৰি গঠন কৰা মাত্ৰ ৭০টা সংগঠনে এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ।

      ‘‘বিজেপি সাগৰৰ পানীৰ দৰে, ৭০টা সংগঠনৰ দল সাগৰৰ ঢৌৰ দৰে। সাগৰৰ ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক।’’ – ক’লে ৰণজিত দাসে।

      কৃষক মুক্তিক আক্ৰমণ কৰি কয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে কৃষক মুক্তিৰ কৰ্মকৰ্তাই কোনোদিনে কৃষকৰ সমস্যাৰ বুজ নলয়। বিজেপিয়েহে কৃষকৰ সুখ-দুখৰ সমভাগী হৈ আহিছে। বিজেপিৰ লাখ লাখ কৰ্মীয়ে কৃষকৰ ঘৰে ঘৰে গৈ সম্পৰ্ক স্থাপন কৰিছে।

      ৰঙিয়াত ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। নতুন কৃষি আইন সন্দৰ্ভত ৰণজিত দাসে কয় যে নতুন কৃষি আইনৰ বিষয়ে অজ্ঞ বাবে বিৰোধীয়ে অযথা প্ৰতিবাদ কৰি বিভ্ৰান্ত কৰিছে। কৃষকে যাতে উৎপাদিত শস্যৰ উচিত মূল্য পাই তাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে এই নতুন কৃষি আইন।
      Published by:Sanjay Kumar Das
      First published: