உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নৰনাৰায়ণ, চিলাৰায়ৰ ৰাজ্যত এতিয়া আজমলৰ আগ্ৰাসন : ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে

    নৰনাৰায়ণ, চিলাৰায়ৰ ৰাজ্যত এতিয়া আজমলৰ আগ্ৰাসন : ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে

    News18 অসমক বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জনায়, "আজমলে খিলঞ্জীয়া মুছলমানক প্ৰতাৰণা কৰিছে, কাৰণ আজমল প্ৰব্ৰজনকাৰী।"

    News18 অসমক বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জনায়, "আজমলে খিলঞ্জীয়া মুছলমানক প্ৰতাৰণা কৰিছে, কাৰণ আজমল প্ৰব্ৰজনকাৰী।"

    News18 অসমক বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জনায়, "আজমলে খিলঞ্জীয়া মুছলমানক প্ৰতাৰণা কৰিছে, কাৰণ আজমল প্ৰব্ৰজনকাৰী।"

    • Share this:
    "কোচ ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ ভূমিত এতিয়া বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলৰ দপদপনি। ধুবুৰীৰ অৱস্থা দেখিলে আমাৰ বেয়া লাগে। কিন্তু এইবাৰ বিলাসীপাৰা পূব সমষ্টি আমি দখল কৰিম আৰু তাৰ বাবে আমি ৰণকৌশল প্ৰস্তুত কৰিছো। কাৰণ খিলঞ্জীয়া মুছলমানে ভোট আমাকেই দিব।" – এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ।

    News18 অসমক বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জনায়, "আজমলে খিলঞ্জীয়া মুছলমানক প্ৰতাৰণা কৰিছে, কাৰণ আজমল প্ৰব্ৰজনকাৰী।"  বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয়, "কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক উজনিৰ ৰাইজে অপৱিত্ৰ মিত্ৰতা বুলি গণ্য কৰিছে। সেয়ে এইবাৰ উজনিৰ ৰাইজে বিজেপিক মৰম অলপ বেছিকৈ কৰিব। কংগ্ৰেছৰ দখলত থকা উজনি অসমৰ ৮খন আসন আমি দখল কৰিম।"

    ইপিনে বদৰুদ্দিন আজমলে ৰঞ্জিত দাসে নিজৰ আসন হেৰুৱাব বুলি কৰা মন্তব্যৰ উত্তৰত তেঁও কয়, " সৰভোগত চিপিএমৰ মাত্ৰ ২২হাজাৰ ভোট আছে। সেয়ে এই মিত্ৰতাক লৈ বৰ বিশেষ চিন্তা কৰিবলগীয়া একো নাই।"

    আনহাতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাই ৰঞ্জিত দাসে কয়, " আমি বৰ্তমান বিভিন্ন সমষ্টিত পৃষ্ঠাপ্ৰমুখৰ সন্মিলন পাতিছো। প্ৰতিখন সভাতে কৰ্মীৰ বিপুল জনসমাগম ঘটিছে। কিন্তু কংগ্ৰেছে এনে পৃষ্ঠাপ্ৰমুখ সন্মিলন পতাৰ সাহস নাই। তেওঁলোকৰ জনসভাৰো আমাতকৈ ৰাইজৰ উপস্থিতি কম।"

    কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট ছুপাৰ ফ্লপ হ'ব বুলি মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "বিজেপিয়ে মিছন ১০০ প্লাছৰ লক্ষ্য লৈ ২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ২১ত বিজেপিৰ চৰকাৰ নিশ্চিত।"
    Published by:Sanjay Kumar Das
    First published: