• Home
  • »
  • News
  • »
  • assam
  • »
  • হাগ্ৰামাৰ লগত মিত্ৰতা নাই মিত্ৰজোঁটৰ, পুনৰবাৰ স্পষ্ট কৰিলে BJP সভাপতি ভৱেশ কলিতাই ! কাইলৈ গোসাইগাঁও, তামুলপুৰৰ UPPL ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনোয়ন পত্ৰ...

হাগ্ৰামাৰ লগত মিত্ৰতা নাই মিত্ৰজোঁটৰ, পুনৰবাৰ স্পষ্ট কৰিলে BJP সভাপতি ভৱেশ কলিতাই ! কাইলৈ গোসাইগাঁও, তামুলপুৰৰ UPPL ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনোয়ন পত্ৰ...

উপ নিৰ্বাচনৰ বাবেই মঙলবাৰে বিজেপি, অগপ আৰু ইউপিপিএলৰ নেতৃত্বই আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন যৌথ সংবাদ মেল অনুষ্ঠিত কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাৰ সৈতে মিত্ৰজোটৰ কোনো মিত্ৰতা নাই বুলি ক'লে বিজেপি সভাপতি ভৱেশ কলিতাই।

  • Share this:
সম্মূখত অসম বিধান সভাৰ উপ নিৰ্বাচন। নিৰ্বাচনৰ বাবেই মঙলবাৰে বিজেপি, অগপ আৰু ইউপিপিএলৰ নেতৃত্বই আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন যৌথ সংবাদ মেল অনুষ্ঠিত কৰে। গুৰুত্বপূৰ্ণ সংবাদ মেলখনত  বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিজেপিৰ সাঃ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, অগপ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু ইউপিপিএলৰ মূৰব্বী প্ৰমোদ বড়ো আৰু কাৰ্য্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰী উপস্থিত থাকে।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মেলত জনোৱা মতে বৃহস্পতিবাৰে তামুলপুৰ সমষ্টিৰ বাবে ইউপিপিএলৰ প্ৰাৰ্থী জনেল দৈমাৰী আৰু গোসাইগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীয়ে মনোনোয়ন পত্ৰ দাখিল কৰিব। দুয়োটা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ মনোনোয়নৰ সময়ত বিজেপি আৰু অগপৰ নেতৃত্বও উপস্থিত থাকিব। ইফালে থাওৰা, মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিত ৮ অক্টোৱৰত মিত্ৰযোটৰ প্ৰাৰ্থীয়ে মনোনোয়ন পত্ৰ দাখিল কৰিব বুলি সংবাদ মেলত ভৱেশ কলিতাই জানিবলৈ দিয়ে। বিজেপি, অগপ আৰু ইউপিপিএলৰ নেতৃত্বই আগন্তুক উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয় হ'ব বুলি দাবী কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাৰ সৈতে মিত্ৰজোটৰ কোনো মিত্ৰতা নাই, তেওঁৰ ৰাজনীতি অসমত নচলিব বুলি কয় ভৱেশ কলিতাই।
Published by:Kokil Sarma
First published: