মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দ্বিতীয়খন বাজেট দাখিলৰ পূৰ্বে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত হোটেল তাজ ভিভাণ্টাত প্ৰাক-বাজেট আলোচনা অনুষ্ঠিত হৈ যায়।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত আয়োজিত হৈ যোৱা আলোচনাচক্ৰত নাবাৰ্ডৰ চি জি এম নবীন দিংৰা, আই.আই.ইৰ অধ্যক্ষ ড০ ললিত শৰ্মা, নেডফিৰ মহা প্ৰবন্ধক লেমলি লুয়ী, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ মুখ্য সঞ্চালক ড০ অমিয় কুমাৰ শৰ্মা,অসম স্কীল ডেভলপমেণ্ট মিছনৰ মুখ্য সঞ্চালক অংকুৰ জৈন উপস্থিত থাকি বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰামৰ্শ আগবঢ়ায়। আনহাতে বিশিষ্ট উদ্যমী ব্যক্তিসকল নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বাজেট সম্পৰ্কত বিত্ত মন্ত্ৰীৰ সৈতে মত বিনিময় কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, আগন্তুক ৰাজ্যিক বাজেটখনে যাতে অসমবাসী ৰাইজৰ সকলো আশা আকাংক্ষাসমূহ সফলভাৱে ৰূপায়িত কৰি তুলিবলৈ সক্ষম হয় তাৰ বাবে আমাৰ চৰকাৰখন বদ্ধপৰিকৰ। আজিৰ আলোচনা চক্ৰখনে আগন্তুক বাজেটত দাখিলৰ পূৰ্বে অসম চৰকাৰক যথেষ্ট উপকৃত কৰিব। এই আলোচনাৰদ্বাৰা ৰাজ্যবাসীয়েও এখন সৰ্বাংগসুন্দৰ বাজেট লাভ কৰিবলৈ সক্ষম হব বুলি আশাবাদী।ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক ড০ দেৱজিৎ মহন্তই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্ৰ, জিলা সভাপতি, কোষ আৰু বিভাগৰ ৰাজ্যিক আহ্বায়ক সকল উপস্থিত থাকে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 22, 2023, 22:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।